অসম লাইভ ২৪ঃ বলীউড অভিনেত্ৰী য়ামী গৌতমলৈ EDৰ চমন জাৰি। বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন(FEMA) উলংঘাৰ অপৰাধত চমন জাৰি কৰে অভিনেত্ৰীগৰাকীক। এনফৰ্চমেণ্ট ডিৰেক্টৰ মুম্বাই শাখাই শুকুৰবাৰে জাৰি কৰে চমন। ৭ জুলাইত তদন্তকাৰী সংস্থাটোৰ মুম্বাই কাৰ্যলয়ত উপস্থিত হ’ব লাগিব য়ামী গৌতম। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ১.৫ কোটি বিদেশী মুদ্ৰা লেন-দেনৰ অভিযোগ উত্থাপন কৰিছে তদন্তকাৰী সংস্থাটোৱে। উল্লেখ্য, FEMA আইন উলংঘাৰ অপৰাধত দ্বিতীয় বাৰৰ বাবে চমন জাৰি কৰে EDয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ