পাকিস্তানী সেনাৰ ওপৰত BLAৰ ভয়ংকৰ আক্ৰমণ, ৯০ সৈনিক নিহত হোৱাৰ দাবী
বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে বিগত কেইবাদিনো ধৰি পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ কৰি আহিছে। এটা সপ্তাহ পূৰ্বৰ ৰে’ল হাইজেক কৰাৰ পাছত আজি দেওবাৰ ১৬ মাৰ্চ তাৰিখে পুনৰ পাকিস্তানী সেনাৰ ওপৰত বিধ্বংসী ৰূপত আক্ৰমণ বি এল এৰ।
বেলুচ বিদ্ৰোহীয়ে পাকিস্তানী সেনাৰ কনভয়ক লক্ষ্য কৰি আক্ৰমণ চলোৱাত কমেও ৯০ জন জোৱান নিহত হয়। এই ঘটনা সন্দৰ্ভত পাকিস্তান সেনাই অৱশ্য কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। কিন্তু বি এল এৰ দাবী এই আক্ৰমণত ৯০ সেনাজোৱান নিহত।
বিএলএই দাবী কৰিছে যে পাকিস্তানী সেনাৰ কনভয়ত মজিদ ব্ৰিগেডে আত্মঘাতী আক্ৰমণ চলাইছিল। ইয়াৰ পিছত বিএলএৰ ফাতেহ স্কোয়াডে আক্ৰমণ চলায়। এই কনভয়ত আছিল ৮খন বাছ, যি বাছ কুৱেটৰ পৰা টাফটানলৈ গৈ আছিল।
লাভ কৰা তথ্য অনুসৰি পাকিস্তানী সেনাৰ কনভয়ত এই আত্মঘাতী আক্ৰমণৰ পিছত ৩ খন পাকিস্তানী হেলিকপ্টাৰ নোছকিলৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই আত্মঘাতী আক্ৰমণ বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি বাহন ব্যৱহাৰ কৰি সংঘটিত কৰা হৈছে। এই কনভয়ত মুঠ আঠখন বাছ আছিল, য’ত আছিল পাকিস্তানী সৈন্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ