শনিৰ চাৰে সাতি দশাক ভয় নকৰা মানুহ বিচাৰি পোৱা কঠিন৷ শনিৰ মহাদশাৰ দৰেই চাৰে সাতিয়েও জাতকৰ জীৱনত নানান বিপৰ্যয় নামি আহে৷ শনিৰ চাৰে সাতি দশাক তিনিভাগত ভাগ কৰা হয়৷ প্ৰতিটো ভাগ আঢ়ৈ বছৰ ধৰি চলে৷ জ্যোতিষ অনুসৰি নৱগ্ৰহৰ মাজত শনি সকলোতকৈ ধীৰ গতিৰে নিজৰ স্থান পৰিবৰ্তন কৰে৷ সেই কাৰণেই শনিয়ে এক ৰাশিৰ পৰা অন্য ৰাশিলৈ যাবলৈ আঢ়ৈ বছৰ সময় লাগে৷ শনিয়ে যেতিয়া যি ৰাশিত থাকে সেই ৰাশি আৰু তাৰ আগৰ ৰাশি আৰু পাছৰ ৰাশিত শনিৰ চাৰে সাতি দশা চলে৷ এই দশা এবাৰ আৰম্ভ হলে চাৰে সাত বছৰ ধৰি চলে৷ শনি জন্মছকৰ দ্বাদশ, প্ৰথম আৰু তাৰপিছত দ্বিতীয় ঘৰত অৱস্থান কৰিলে জাতকৰ চাৰে সাতি দশা চলে৷
জীৱনত কিমানবাৰ চাৰে সাতি আহে?
চাৰে সাতি দশাত শনিয়ে জাতকক তেওঁৰ কৰ্মফলত শাস্তি দি থাকে৷ যি ৰাশিত শনিৰ চাৰে সাতি আৰম্ভ হৈছে অৰ্থাৎ যি ৰাশিত শনিয়ে অৱস্থান কৰিছে সেই ৰাশিৰ জাতকে আৰ্থিক কষ্ট, মানসিক সমস্যা, অসুখ বিসুখ আৰু আঘাতৰ কবলত পৰে৷ ৰাশিচক্ৰৰ মুঠ ১২ টা ৰাশিক এবাৰ অতিক্ৰম কৰিবলৈ শনিৰ ৩০ বছৰ সময় লাগে৷ অৰ্থাৎ এটা এটা ৰাশিত শনিয়ে আঢ়ৈ বছৰ অৱস্থান কৰে৷ জ্যোতিষ অনুসৰি অকালত মৃত্যু নহলে প্ৰতিজন মানুহৰ জীৱনলৈ শনিৰ চাৰে সাতি দশা অন্তত তিনিবাৰ আহে৷ প্ৰতি ৩০ বছৰৰ অন্তৰে অন্তৰে জাতক শনিৰ চাৰে সাতি দশাৰ কৱলত পৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ