অসম লাইভ ২৪ঃ হিন্দু ধৰ্মৰ দেৱ-দেৱীৰ তালিকাত শেহতীয়াকৈ যোগ হ’ল আন এগৰাকী দেৱী। বিগত কিছুদিন ধৰি পূজা-অৰ্চনা আগবঢ়াই থকা হৈছে নতুন দেৱীক। ক’ৰোনাৰ ভয়ংকৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ঈশ্বৰৰ শৰনাপন্ন হৈছে দেশবাসী। তামিলনাডুৰ এটা মন্দিৰত সাজি উলিওৱা হৈছে ক’ৰোনা দেৱীৰ প্ৰতিমূৰ্তি। তামিলনাডুৰ প্ৰসিদ্ধ কামচিপুৰী মন্দিৰত আৰাধনা কৰা হৈছে ক’ৰোনা দেৱীক। কোভিড সংহাৰৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। বুধবাৰৰ পৰা কামচিপুৰী মন্দিৰত হোম-যজ্ঞৰ আয়োজন কৰা হৈছে। ৪৮ দিন ধৰি চলিব এই যজ্ঞ। ৰাজ্যখনৰ শেহতীয়া কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভক্ত তথা জনসাধাৰণক যজ্ঞস্থলীলৈ অহাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। লোক বিশ্বাস অনুসৰি, অতীতত কলেৰা তথা অন্য মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত দেৱতাসকলে ৰক্ষা কৰিছিল জনসাধাৰণক। তেনেদৰেই এইবাৰো ক’ৰোনাক বহুৱালে দেৱীৰ আসনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ