অসম লাইভ ২৪ঃ অতি কমেও ৭০ শতাংশ লোকক টীকাকৰণ নকৰা পৰ্যন্ত কোভিড মহামাৰী ৰোধ কৰা সম্ভৱ নহয়। এই কথা দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় সঞ্চালক হেঞ্চ ক্লুগে। কোভিড পৰিস্থিত সন্দৰ্ভত ৭০ শতাংশ লোকক টীকাকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি শুকুৰবাৰে সতৰ্কবাণী কৰে হেঞ্চ ক্লুগে। লগতে তেওঁ ভাইৰাছবিধৰ নতুন ষ্ট্ৰেইনৰ বৰ্ধিত সংক্ৰমণো চিন্তাৰ বিষয় বুলি উল্লেখ কৰে। ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে ভেকচিন কাৰ্যকৰী হ’লেও এই ক্ষেত্ৰত মানুহ সজাগ হোৱা উচিত। মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাটো গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় সঞ্চালক হেঞ্চ ক্লুগে। ক্লুগে কয়, ‘আমাৰ অতি ভাল বন্ধু হৈছে গতি, সময়ে আমাৰ বিৰুদ্ধে কাম কৰি আছে আৰু টীকাকৰণ ৰ’ল-আউট এতিয়াও অতি লেহেমীয়া গতিত আছে। টীকীকৰণ প্ৰক্ৰিয়া আমি ত্বৰাণ্বিত কৰিব লাগিব, আমি ভেকচিনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ