অসম লাইভ ২৪ঃ অনলাইন শ্বপিং এপ আমাজনে অপমান কৰিলে কর্ণাটকৰ ৰাজ্যিক পতাকাক। কর্ণাটকৰ ৰাজ্যিক পতাকাক বিকিনি বনাই বিক্ৰীৰ বাবে এৰি দিলে। আমাজনৰ কানাডা ইউনিটৰ এই অপমানৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা ল’ব কর্ণাটক চৰকাৰে। ইতিমধ্যে কর্ণাটকৰ মন্ত্ৰী অৰবিন্দ লিম্বাৱালীয়ে ৰুজু কৰিছে গোচৰ। উল্লেখযোগ্য যে কিছুদিন পূর্বে গুগলে কানাড়া ভাষাক ভাৰতৰ আটাইতকৈ কুৎচিত ভাষা বুলি কৈছিল। আমাজনৰ কানাডা ইউনিটৰ এই কর্মকাণ্ডক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ