অসম লাইভ ২৪ঃ চীনত ৩ বছৰৰ পৰা ১৭ বছৰ বয়সৰ শিশুক কোভিড ভেকচিন প্ৰদানত অনুমতি প্ৰদান। চিন’ভেক বায়’টেকৰ ‘ক’ৰোনাভেক’ ভেকচিনক শিশুৰ বাবে অনুমতি প্ৰদান কৰিছে। তিনি বছৰীয়া শিশুক ভেকচিন প্ৰদানত অনুমোদন জনোৱা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হৈছে চীন। চিম’ভেকে ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণ সফলভাৱে সম্পন্ন কৰিছে। চিন’ভেকৰ চেয়াৰমেন yin weidongয়ে প্ৰকাশ কৰিছে এই কথা। বিশ্ব স্বাস্থ্য সংস্থাই ১ জুনত অনুমোদন জনাইছে চীনৰ দ্বিতীয়টো কোভিড ভেকচিন ‘ক’ৰোনাভেক’ ক। উল্লেখ্য, আমেৰিকা, ব্ৰিটেইন আৰু ইউৰোপৰ কিছুমান দেশত ১২ ৰ পৰা ১৬ বছৰ বয়সৰ কিশোৰক কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ