অসম লাইভ ২৪ঃ ঘোষণা হ’ল এই বৰ্ষৰ পুলিৎজাৰ বঁটা। আন্তঃৰাষ্ট্ৰীয় শিতানত এই বঁটা লাভ কৰিলে দুজন ভাৰতীয় মূলৰ সাংবাদিকে। লণ্ডনৰ সাংবাদিক মেঘা ৰাজাগোপালন আৰু টাম্পা বে টাইমছৰ সাংবাদিক নীল বেদীয়ে লাভ কৰিছে এই সন্মান। চীনত মুছলমানৰ নিৰ্যাতনক লৈ বাতৰি পৰিৱেশন কৰিছিল মেঘা ৰাজাগোপালনে। হাজাৰ হাজাৰ বন্দী মুছলমানক কৰা অকথ্য নিৰ্যাতনৰ বাতৰি পৰিৱেশন কৰাৰ বাবে মেঘালৈ এই স্বীকৃতি প্ৰদান কৰে পুলিৎজাৰে। আনহাতে ভৱিষ্যতৰ সম্ভাব্য অপৰাধীক চিনাক্ত কৰিবৰ বাবে প্ৰশাসনে ব্যৱহাৰ কৰা কম্পিউটাৰ মডেলত বাতৰি পৰিৱেশন কৰাৰ বাবে স্থানীয় বাতৰিৰ শিতানত নীল বেদীয়ে লাভ কৰিলে এই সন্মান। উল্লেখযোগ্য যে ১৯১৭ চনত প্ৰথম প্ৰৱৰ্তন হোৱা পুলিৎজাৰ বঁটা প্ৰতিবছৰৰ মে’ মাহত কলম্বিয়া বিশ্ববিদ্যালয়ত প্ৰদান কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ