অসম লাইভ ২৪ঃ কোভিডৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কোভিড ভেকচিন ক’ৰ্বেভেক্সে এক যুগান্তৰকাৰী ভূমিকা পালন কৰিব। বায়’লজিকেল-ই ৰ দ্বাৰা তৈয়াৰী কোভিড ভেকচিন ক’ৰ্বেভেক্স এই ভাইৰাছৰ বিৰুদ্ধে ৯০ শতাংশ কাৰ্যক্ষম। সম্প্ৰতি তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে ভেকচিনবিধৰ। এই পৰীক্ষণ সফলভাৱে সম্পন্ন হ’লে অক্টোবৰৰ ভিতৰত দেশত উপলব্ধ হ’ব ক’ৰ্বেভেক্স। ভেকচিন নিৰ্মাতা কোম্পানী বায়’লজিকেল-ইয়ে ভাৰতত থলুৱাভাৱে তৈয়াৰ কৰিছে ভেকচিনবিধ। কেন্দ্ৰৰ কোভিড ৱৰ্কিং গ্ৰুপৰ চেয়াৰমেন এন কে আৰোৰাৰ সদৰী কৰে এই কথা। চিৰাম ইনষ্টিটিউটৰ কোভিড ভেকচিন ‘নভাক্সিন’ৰ অনুৰূপ ভেকচিন ক’ৰ্বেভেক্স। ভাৰতে এবছৰত প্ৰায় ১ মিলিয়ন ড’জ ক’ৰ্বেভেক্স তৈয়াৰ কৰিব। অতি সহজে আৰু কম দামত উপলব্ধ হ’ব কোভিড ভেকচিন ক’ৰ্বেভেক্স।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















