অসম লাইভ ২৪ঃ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী ব্যৱহাৰৰ তালিকাত শীঘ্ৰেই অন্তৰ্ভুক্ত হ’ব ভাৰতৰ কোভিড ভেকচিন কোভাক্সিন। ২৩ জুনত ভাৰত বায়’টেক আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত অনুষ্ঠিত হ’ব বৈঠক। বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী ব্যৱহাৰৰ তালিকা(EUL)ত অন্তৰ্ভুক্ত কৰাৰ অনুমোদন সন্দৰ্ভত বিবেচনা কৰিব বিশ্ব স্বাস্থ্য সংস্থাই। পূৰ্বে WHOৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ভাৰত বায়’টেকে প্ৰয়োজনীয় ৯০ শতাংশ তথ্য জমা দিছে বিশ্ব স্বাস্থ্য সংস্থাক। কোভাক্সিনে WHO অনুমোদন লাভ কৰাৰ ক্ষেত্ৰত বিদেশ মন্ত্ৰ্যালয়ে ভাৰত বায়’টেকক সহায় আগবঢ়াইছে। ICMR আৰু ভাৰত বায়’টেকে যুটীয়াভাৱে তৈয়াৰ কৰিছে কোভাক্সিন। উল্লেখ্য, WHOৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে কোভাক্সিন গ্ৰহণ কৰা লোকসকলে বিদেশ যাত্ৰাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে। সম্প্ৰতি দেশত চলি থকা ভেকচিনেচন প্ৰক্ৰিয়াৰ ৩ বিধ ভেকচিনৰ অন্যতম কোভাক্সিন। বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী ব্যৱহাৰৰ তালিকাত কোভাক্সিন অন্তৰ্ভুক্ত হ’লে বিদেশ যাত্ৰাত সুবিধা হ’ব কোভাক্সিন গ্ৰহণ কৰা লোকসকলৰ। চলিত বৰ্ষৰ জুলাই-চেপ্তেম্বৰৰ ভিতৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ কৰিব বুলি আশাবাদী ভাৰত বায়’টেক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ