অসম লাইভ ২৪ঃ চেহেৰাৰ সতেজতা আৰু উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আপুনি কি প্ৰডাক্ট ব্যৱহাৰ কৰে? প্ৰাকৃতিকভাৱে পোৱা প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ আপুনি আগ্ৰহী নেকি? বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে আগবঢ়াইছে ইয়াৰ বিধান। এই বিধান শুনি হয়তো আপুনি আচৰিত হ’ব। পুৱাৰ লেলাউটি ছালত ব্যৱহাৰ কৰিলে বৃদ্ধি পায় চেহেৰাৰ উজ্জ্বলতা। এই বিধান আগবঢ়োৱা অভিনেত্ৰীগৰাকী হৈছে তামান্না ভাটিয়া। এখন আলোচনীত দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়- পুৱাৰ লেলাউটি গালৰ উজ্জ্বলতা বঢ়াবৰ বাবে খুবেই জৰুৰী। তেওঁ নিজেও ইয়াৰ ব্যৱহাৰ কৰি ইতিমধ্যে সুফল লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















