অসম লাইভ ২৪ঃ কোভিড ভেকচিন, টেবলেটৰ পাছত এইবাৰ বজাৰলৈ কোভিভৰোধী স্প্ৰে’। এগৰাকী বাংলাদেশীমূলৰ তৰুণীয়ে তৈয়াৰ কৰিছে কোভিডৰোধী এইবিধ বিশেষ স্প্ৰে’। ১৪ মাহৰ গৱেষণাৰ অন্তত বাংলাদেশৰ চাদিয়া খানমে ‘ভল্টিক’ নামৰ এইবিধ স্প্ৰে’ তৈয়াৰ কৰি উলিয়াইছে। সকলো ধৰণৰ ভাইৰাছ, বেক্টেৰিয়া আৰু ফাংগাছ প্ৰতিৰোধ কৰিবলৈ সক্ষম ‘ভল্টিক’। ‘মানচেষ্টাৰ ইভনিংছচ’ নামৰ জাৰ্ণেলত প্ৰকাশ পাইছে এই তথ্য। এবাৰ স্প্ৰে’ কৰাৰ পাছত ১৪ দিনলৈ কাৰ্যক্ষম হৈ থাকিব ইয়াৰ প্ৰভাৱ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য সংস্থা(nhs) আৰু কেইবাটাও খ্যতিনামা সংস্থাই ‘ভল্টিক’ৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে। বিভিন্ন দেশৰ চৰকাৰী তথা বেচৰকাৰী কোম্পানীসমূহে এই স্প্ৰে’ ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যেই এই স্প্ৰে’ আমেৰিকাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ, হোটেল, ৰেস্তোঁৰা, বিমান, পৰমাণু কেন্দ্ৰ আদিত ‘ভল্টিক’ স্প্ৰ’ ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য, চাদিয়া খানম চেষ্টাৰ বিশ্ববিদ্যালয়ত আলঝেইমাৰ বিষয়ত গৱেষিকা ছাত্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ