অসম লাইভ ২৪ঃ এটা ছাগলীক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা। সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উত্তৰ প্ৰদেশৰ অমৰোহাৰ এই ছাগলীটো। ছাগলীটোৰ শৰীৰৰ এফালে ‘ওম’ আৰু আনফালে ‘মহম্মদ’ চিহ্ন স্পষ্ট।
ব্যক্তিবিশেষৰ মতে ধৰ্মীয় ঐক্যৰ নিদৰ্শন পৰিস্ফুট হৈছে ছাগলীটোৰ শৰীৰত। ছাগলীটো ক্ৰয় কৰিবলৈ এতিয়া হেতা-ওপৰা লাগিছে গ্ৰাহকৰ মাজত। দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ অমৰোহাত উপস্থিত হৈছেগৈ গ্ৰাহক। ছাগলীটোৰ মূল্য ১১ লাখ টকা।
প্ৰথমে গাওঁবাসীয়ে ছাগলীটোৰ দাম এহাজাৰ টকা নিৰ্ধাৰণ কৰিছিল যদিও মালিকে ১১ লাখ টকা ধাৰ্য্য কৰিছে ছাগলীটোৰ দাম। গ্ৰাহকৰ বাবে নিজৰ মোবাইল নম্বৰ মুকলি কৰিছে ছাগলীটোৰ মালিকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ