অসম লাইভ ২৪ঃ দৰ্শক অবিহনেই অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক। জাপানৰ ৰাজধানী চহৰ টকিঅ’ত ৰাজ্যিক জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী য়োচিহিদ সোগাই। ১২ জুলাইৰ পৰা ২২ আগষ্টলৈকে টকিঅ’ত বাহাল থাকিব ৰাজ্যিক জৰুৰী অৱস্থা। অৰ্থাৎ ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকত উপস্থিত থাকিব নোৱাৰিব কোনো দৰ্শক। দেশখনত কোভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী য়োচিহিদ সোগাই। উল্লেখ্য, ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব অলিম্পিক। পূৰ্বে খেলপথাৰত বিদেশী দৰ্শকৰ উপস্থিতিত বাধা আৰোপ কৰিছিল আয়োজক কমিটিয়ে। কিন্তু এতিয়া খেলপথাৰত টকিঅ’ৰ স্থানীয় লোকৰ উপস্থিতিৰ সম্ভাৱনাতো ব্যাঘাত জন্মিল প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ