অসম লাইভ ২৪ঃ থাওৰাৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইৰ সম্ভাব্য বিজেপি গমনক লৈ সৰৱ বিৰোধী কণ্ঠ। থাওৰা কংগ্ৰেছৰ ২০ খন মণ্ডল কমিটীৰ ১৮ খনেই সৰৱ সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে। উপ-নিৰ্বাচনত বৰগোঁহাইক এসেকা দিয়াৰো হুংকাৰ কংগ্ৰেছীৰ। বিধায়ক সুশান্ত বৰগোঁহাইয়ে বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰে হৈ-চৈ লগাইছিল। খবৰটো বিধায়কগৰাকীয়ে প্ৰথমে নস্যাৎ কৰিছিল যদিও সম্প্ৰতি সুৰ সলনি কৰিছে সুশান্ত বৰগোঁহাইয়ে। পদবীক লৈ অসন্তুষ্ট সুশান্ত বৰগোঁহাইৰ অপেক্ষা আছিল হয়তো apccৰ সভাপতি তথা কাৰ্যকৰী সভাপতিৰ নাম ঘোষণালৈ। কিন্তু তালিকাত নাম নোলালত খৰ্গহস্ত হয় কংগ্ৰেছৰ বিধায়কগৰাকী। সম্প্ৰতি সুশান্ত বৰগোহাঁইৰ বিজেপি গমন প্ৰায় নিশ্চিত হৈছে। ইয়াকে লৈ থাওৰা ব্লংক কংগ্ৰেছত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। এই সভাত সুশান্ত বৰগোঁহায়ো উপস্থিত আছিল। কিন্তু এই সভাতেই ধ্বনিত হ’ল সুশান্ত বিৰোধী কণ্ঠ। ইফালে, কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাই বিজেপিলৈ গ’লে থাওৰাৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰী কংগ্ৰেছলৈ যোৱাৰো ইংগিতো পোৱা গৈছে। এনে ক্ষেত্ৰত দুই দলৰ কৰ্মীয়ে সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰীক কেনেদৰে গ্ৰহণ কৰে সেয়া সময়েহে ক’ব। ইয়াৰোপৰি কংগ্ৰেছৰ ২০ খনৰ ১৮ খন মণ্ডল কমিটীয়ে সুশান্তৰ বিৰুদ্ধাচৰণ কৰাত, উপ-নিৰ্বাচন অনুষ্ঠিত হ’লে সুশান্ত বৰগোঁহাই যে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব সেয়াও কিন্তু একপ্ৰকাৰে নিশ্চিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ