অসম লাইভ ২৪ঃ টকিঅ’ৰ গ্ৰাউণ্ডত অব্যাহত আছে ভাৰতৰ অদমনীয় প্ৰদৰ্শন৷ টকিঅ’ পেৰালিম্পিকত একেটা শাখাতে দুটাকৈ পদক লাভ কৰিলে ভাৰতে৷ শ্বুটিঙত ভাৰতে লাভ কৰিলে সোণ আৰু ৰূপৰ দুয়োটা পদক৷ ৫০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতৰ মনীষ নাৰৱালে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে সিংহৰাজ আদানাই লাভ কৰিলে ৰূপৰ পদক৷ ভাৰতে লাভ কৰিলে তৃতীয়টো সোণৰ পদক৷ পেৰালিম্পিকত ভাৰতে বৰ্তমানলৈকে লাভ কৰিছে ১৫টা পদক৷ ইয়াৰে ৩ টা সোণৰ, ৭টা ৰূপৰ আৰু ৫ টা ব্ৰঞ্জৰ পদক৷ ১৫টা পদকেৰে পদক তালিকাৰ ৩৪ সংখ্যক স্থানত আছে ভাৰত৷ পদক তালিকাৰ শীৰ্ষত আছে চীন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ