অসম লাইভ ২৪ঃ নগাঁও আৰু কাছাৰ কাগজকলৰ কৰ্মচাৰীৰ ওপৰত ভূতৰ ওপৰত দানহ৷ এইবাৰ কৰ্মচাৰীক আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিলে লিকুইডেটৰ কুলদ্বীপ বৰ্মাই৷ শুকুৰবাৰে এক জাননীযোগে ১৫ দিনৰ ভিতৰত আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে কৰ্মচাৰীসকলক৷ ১৫ ছেপ্টেম্বৰৰ ভিতৰত apdclয়ে কৰ্তন কৰিব বিদ্যুৎ সংযোগ৷ এই জাননীক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত৷ জাননীত উল্লেখ অনুসৰি, কৰ্মচাৰীসকলে এই নিৰ্দেশ অমান্য কৰিলে পৰৱৰ্তী পৰ্যায়ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষই৷ কাগজ কল বিক্ৰীৰ সময়ত অধিক মূল্য লাভৰ বাবে গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ৷ গতিকে কাগজকলৰ ভূমি আৰু আৱাসসমূহ খালী কৰোটো আৱশ্যক৷ ২০১৯ চনত National Company Law Tribunal য়ে লিকুইডেচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল এইসমূহ প্ৰক্ৰিয়া আৰু লিকুইডেটৰ নিয়োগ কৰিছিল কাগজ কল বিক্ৰীৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ