অসম লাইভ ২৪ঃ নিমাতীঘাট নাও দুৰ্ঘটনাৰ ৯ অভিযুক্তক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ৷ বিষয়া পৰ্যায়ৰ নিলম্বনৰ পাছত শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬জন লোকক আৰু আজি পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩গৰাকী লোকক৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে তৰা ফৌজদাৰী গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে লোককেইজনক৷ ধৃত লোককেইজন হৈছে ধনবৰ দাস, যোগেন দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা, বাবুল নেওগ, বদন দত্ত, বিপুল বৰা আৰু প্ৰশান্ত পামেগাম৷ দুৰ্ঘটনাগ্ৰস্ত মা কমলা নাওখনৰ গুৰিয়াল আছিল ধনবৰ দাস আৰু প্ৰশান্ত পামেগাম, বদন দত্ত আছিল ইঞ্জিন চালক, বিপুল বৰা কালেক্টৰ আৰু বাকীকেইজন হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী৷ উল্লেখ্য, বুধবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল ৰাজ্যজুৰি শোকৰ বন্যা বোৱাই অনা এই ভয়াৱহ নাও দুৰ্ঘটনা৷ দুৰ্ঘটনাত মৃত্যু হয় পৰিমিতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰা নামৰ দুগৰাকী ব্যক্তি আৰু বৰ্তমানেও সন্ধানহীন হৈ আছে ডাঃ বিক্ৰমজিৎ বৰুৱা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ