অসম লাইভ ২৪ঃ মূলসুঁতিলৈ উভতি অহা ১২গৰাকী ULB কেডাৰক স্বাগতম জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে ১২গৰাকী ULB কেডাৰে আত্মসৰ্মপন কৰে ওদালগুৰিৰ ডিমাকুছিত৷ ওদালগুৰিৰ ডিমাকুছি থানাৰ অন্তৰ্গত বাদালাপাত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ- আৰক্ষী অধীক্ষকৰ উপস্থিতিত আত্মসমৰ্পন কৰে কেডাৰকেইজনে৷ বড়োভূমিৰ শান্তি প্ৰক্ৰিয়াত চামিল হ’ব আটাইকেইগৰাকী কেডাৰ৷ সন্ত্ৰাসবাদ এৰি মূলসুঁতিলৈ উভতি অহাৰ বাবে উগ্ৰপন্থী সংগঠনটোৰ কেডাৰ কেইজনক টুইটযোগে স্বাগতম জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ সুন্দৰ অসম গঢ়াৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
Continuing our outreach to bring home youths from path of militancy, all the cadres of newly formed group United Liberation of Bodoland (ULB) have returned home today.We welcome them to join our effort to build a beautiful and prosperous Assam @AmitShah @PMOIndia pic.twitter.com/qPjJaMq96g
— Himanta Biswa Sarma (@himantabiswa) September 29, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ