অসম লাইভ ২৪ঃ সোমবাৰে নিশা বিশ্বজুৰি হঠাৎ অচল হৈ পৰে ফেচবুক, হোৱাটচ এপ, ইনষ্টাগ্ৰাম সেৱা৷ নিশা প্ৰায় ৯.২৫ মিনিটৰ পৰা মঙলবাৰে পুৱতি নিশালৈকে প্ৰায় ৬ ঘণ্টা ধৰি অচল হৈ থাকে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক, হোৱাটচ এপ, ইনষ্টাগ্ৰাম৷ ব্যৱহাৰকাৰীসকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ ব্যাপক কাৰিকৰী সমস্যাৰ বাবে বিশ্বজুৰি এনে সমস্যাৰ সূত্ৰপাত হয় বুলি হোৱাটচ এপ আৰু ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই টুইটযোগে সদৰী কৰে ব্যৱহাৰকাৰীসকলক৷ ইফালে কিছু ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰাৰ বাবে কোম্পানীৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ লোকচানৰ সন্মুখীন হৈছে ৬০০ কোটি মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ৪৪ হাজাৰ ৭৩৪ কোটি টকা৷ ৰিপ’ৰ্ট অনুসৰি, এই সমস্যাৰ বাবে সন্মুখীন হোৱা লোকচানৰ বাবে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাতো এটা স্থান পিছুৱাইছে৷ কম সময়তে মাৰ্ক জুকাৰবাৰ্গ ব্যক্তিগত সম্পত্তি প্ৰায় ৬০০ কোটি মাৰ্কিন ডলাৰ হ্ৰাস পাইছে৷ ব্লুমবাৰ্গৰ মতে, বিলিয়নাৰ ইনডেক্স তালিকাত বিল গেটচতকৈ এটা স্থান পিছুৱাই পঞ্চম স্থানত আছে জুকাৰবাৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ