অসম লাইভ ২৪ঃ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ হাতত পৰাজিত ভাৰত৷ ১০ উইকেটত জয়ী পাকিস্তান৷ পীটছত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতক ধৰাশায়ী কৰি ভাৰতে বান্ধি দিয়া ১৫২ ৰানৰ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰে বাবৰ আজম নেতৃত্বাধীন দলটোৱে৷ ইয়াৰ লগে লগে পাকিস্তানে গঢ়িলে এক ৰেকৰ্ড৷ ICC T-20 বিশ্বকাপত প্ৰথমবাৰৰ বাবে ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম হ’ল পাকিস্তানে৷
ভাৰতৰ হৈ সৰ্বাধিক ৫৭ ৰান সংগ্ৰহ কৰে বিৰাট কোহলীয়ে৷ ৩৯ ৰানেৰে দললৈ বৰঙনি আগবঢ়াই ঋষভ পণ্টে৷ প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে৷ দুই অপেনাৰ কে এল ৰাহুল আৰু ৰোহিত শৰ্মা চূড়ান্তভাৱে ব্যৰ্থ হয়৷ পৰৱৰ্তী পৰ্যায়ত বিৰাট কোহলী আৰু ঋষভ পণ্টে দলৰ ইনিংছ কিছু আগুৱাই নিবলৈ সক্ষম হয় যদিও ঋষভ পণ্ট আউট হোৱাৰ পাছত সলনি হয় ভৰতৰ লাইনআপ৷
ইফালে, ১৭.৫ অভাৰতে লক্ষ্যত উপনীত হয় পাকিস্তান দল৷ দুই অপেনাৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানে দুৰ্দান্ত বেটিঙেৰে ৫৫ টা বলত ৭৯ ৰান সংগ্ৰহ কৰে৷ ১৫২ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা পাকিস্তানে আৰম্ভণিতেই সলনি কৰে ভাৰতীয় বলিং লাইন আপ৷ আৰম্ভনিৰে পৰা ভাৰতীয় দলক শ’লঠেকত পেলোৱা পাকিস্তানৰ হাতত ধৰাশায়ী হয় ভাৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ