অসম লাইভ ২৪ঃ গুৱাহাটীত পুনৰ কোভিডৰ উদ্বেগজনক পৰিস্থিতি৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কাৰ্যলয়ক কনটেইনমেণ্ট জ’ন ঘোষণা৷ কোভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কনটেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ৷ ৰূপনগৰস্থিত ‘স্বতন্ত্ৰ সেনানী ভৱন’ কনটেইনমেণ্ট জ’নৰ অন্তৰ্গত৷ ২৭ অক্টোবৰৰ পৰা ৭ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে এই অঞ্চল৷ কোভিড বিধি অমান্য কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰিব দৃষ্টান্তমূলক ব্যৱস্থা৷ কনটেইনমেণ্ট জ’ন অন্তৰ্গত অঞ্চলসমূহ হৈছে ৰূপনগৰৰ মূল পথ, GMC ৰোড , ASTC workshop আৰু শ্ৰীমন্ত শংকৰদেৱ পথ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ