অসম লাইভ ২৪ঃ ছাত্ৰজন সেই সময়ত আছিল বিদ্যালয়ত। তেনে সময়তে ছাত্ৰজনক ঘেৰি ধৰিলে প্ৰায় ২০ -২৫ জনীয়া এটা উগ্ৰ উদণ্ড দলে। উদণ্ড দলটোৱে ঘেৰি ধৰি এফালৰ পৰা মাৰ-পিট কৰাৰ আৰম্ভ কৰিলে ছাত্ৰজনক। আৰু এটা সময়ত লেৱেযান হৈ ছাত্ৰজনে কৰুণভাৱে মৃত্যুক ঠাইতে সাৱতি লব লগা হয়। ২০১৯ চনত এই ঘটনা সংঘটিত হৈছিল বাংলাদেশত। সেই সময়ত ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা জলচুক্তি সন্ধিৰ সম্পৰ্কত সামাজিক মাধ্যমত প্ৰায় ২২ বছৰীয়া ফাৰহাদ নামৰ ছাত্ৰজনে এটা বিশেষ পোষ্ট কৰিছিল। আৰু সেই বিশেষ পোষ্টৱেই যেন ছাত্ৰজনৰ মৃত্যুৰ মূল কাৰণ হৈ পৰিল। যি পোষ্টৰ বাবেই প্ৰায় ২৫/৩০ জনীয়া দলে অতি নিৰ্মম ভাৱে মৰিয়াই হত্যা কৰিছিল ফাৰহাদক। শেষত বাংলাদেশৰ এখন বিশেষ আদালতে ইয়াৰে ২০জন অপৰাধীক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে ৫ জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে। তেনে অনুৰূপ ঘটনা সংঘতিত হ’ল আমাৰ অসমৰ যোৰহাট চহৰটো। কিন্তু যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ অপৰাধীকেইজনক এনে শাস্তি প্ৰদান কৰিব পাৰিব নে ভাৰতীয় ন্যায় ব্যৱস্থাই?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ