অসম লাইভ ২৪ঃ এলন মাস্ক৷ সততেই চৰ্চাত থকা এগৰাকী ব্যক্তি৷ পুনৰ চৰ্চাত Tesla আৰু SpaceXৰ CEO বিশ্বৰ অন্যতম ঢনাধ্য ব্যক্তি এলন মাস্ক ৷ শেহতীয়াকৈ জনপ্ৰিয় টাইম মেগাজিনৰ এক লোভনীয় শিৰোনাম দখল কৰিছে এলন মাস্কে৷ এলন মাস্কক টাইম মেগাজিনৰ ‘Person Of The Year-2021’ ঘোষণা৷ বৰ্ষটো শেষ হোৱাৰ লগে লগে টাইম মেগাজিনে ঘোষণা কৰে এইবৰ্ষৰ ‘Person Of The Yearৰ নাম৷ এলন মাস্কৰ কৰ্মৰাজিৰ বাবে এই বৰ্ষৰ শ্ৰেষ্ঠ সন্মান ব্যক্তিগৰাকীলৈ৷ টাইম মেগাজিনৰ মতে, সময়ৰ লগে লগে স্বচ্ছ আৰু উন্নত পৰিবহন ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ জলবায়ু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত উদগনি আগবঢ়াইছে এলন মাস্কে ৷ টেচলা জনপ্ৰিয় হোৱাৰ এটা দশক পাছত মাৰ্কিন প্ৰেচিডেণ্ট জ’ বাইডেনে যি সময়ত EVত মনোনিৱেশ কৰিছে, তাৰ পৰিৱৰ্তে টেচলাই মনোনিৱেশ কৰিছে বৈদ্যুতিক চালিত গাড়ীৰ ডিজাইন আৰু নিৰ্মাণ কৰাত৷ সম্প্ৰতি বিশ্বৰ বিভিন্ন কোম্পানীৰ মাজত টেচলা এটি অন্যতম জনপ্ৰিয় কোম্পানী যাৰ বিগত বৰ্ষৰ বজাৰমূল্য ১ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ যাৰ বাবে বিশ্বৰ শীৰ্ষ ঢনাধ্য ব্যক্তিৰ তালিকাত আছে এলন মাস্কৰ নাম৷ এই ঘোষণাৰ লগে লগে অনেকৰ প্ৰতিক্ৰিয়া তথা সমালোচনাৰ বন্যা বৈছে ইণ্টাৰনেট দুনিয়াত৷ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা৷ টাইম মেগাজিনৰ এই ঘোষণা কাৰোৰে বাবে আচৰ্য্যকৰ নাছিল যদিও সমালোকৰ মতে এই ‘Title’ বাবে অন্য বহু যোগ্য ব্যক্তি আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ