গণৰাজ্য দিৱস উদযাপনৰ ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰিছে বিশেষ SOP৷ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা৷ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে এই সিদ্ধান্ত৷ সীমাবদ্ধ থাকিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন৷ সীমাবদ্ধ থাকিব সন্মানীয় অতিথিৰ ভাষণ৷ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত থাকিব নিৰাপত্তাৰক্ষীৰ পেৰেড৷ নাথাকিব বঁটা বিতৰণী অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান৷ জন সমাগম প্ৰসংগতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে৷ সেই অনুসৰি গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত থাকিব সৰ্বাধিক ১০০০ লোক৷ জিলা পৰ্যায়ত থাকিব সৰ্বাধিক ৫০০ লোক৷ আন আন অঞ্চলসমূহত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ২০০ জন লোক৷ গণৰাজ্য দিৱসৰ আগৰ আৰু পাছৰ সকলো অনুষ্ঠান বাতিলৰ নিৰ্দেশনা প্ৰশাসনৰ৷ পেৰেড, মার্চ পাষ্টত ভাগ ল’ব নোৱাৰিব শিশুৱে আৰু অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে দুয়োপালি ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ