অসম লাইভ ২৪ঃ পুনৰ মানৱ সমাজক লজ্জানত কৰা অন্য এক জঘন্য ঘটনা পোহৰলৈ আহিছে৷
এগৰাকী পিতৃয়ে নিজ কন্যাক কেবামাহ ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে৷
যোৱা ২৩ জানুৱাৰীত অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি বিশাখাপট্টনমৰ এগৰাকী ৪২ বছৰীয়া পিতৃয়ে ১৫ বছৰীয়া নিজ কন্যাই ফোনত কথা পাতি সময় অতিবাহিত কৰাত ক্ৰোধান্বিত হৈ উপৰ্যুপৰি ধৰ্ষণ কৰি আহিছিল৷
কিশোৰী কন্যাগৰাকীয়ে সমস্ত ঘটনা এগৰাকী শিক্ষকক অৱগত কৰাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহে৷
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শিক্ষকগৰাকীয়ে অভিযুক্ত পিতৃগৰাকীক বিদ্যালয়লৈ মাতি নি কন্যাৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰায়৷
ইয়াৰ পিছতে কিশোৰীগৰাকীসহ শিক্ষকগৰাকীয়ে স্থানীয় আৰক্ষী থানাত গৈ ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে৷
অভিযোগ লাভ কৰিয়েই আৰক্ষীয়ে অভিযুক্ত পিতৃগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
ইফালে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে দুবছৰৰ পূৰ্বে অভিযুক্ত লোকজনৰ বৃক্ক বিকল হৈ পৰিছিল আৰু পত্নীয়ে তেওঁক এটা বৃক্ক দান কৰিছিল৷ ইয়াৰ পিছতে অভিযুক্ত লোকগৰাকীৰ পত্নীও অসুস্থ হৈ পৰে আৰু যোৱা পাঁচ মাহৰপৰা নিজ মাতৃ গৃহত থাকি চিকিৎসা চলাই আহিছিল৷
তেতিয়াৰে পৰা অভিযুক্ত পিতৃ আৰু নিৰ্যাতিতা কন্যাগৰাকী নিজ গৃহত আছিল৷ কিশোৰীগৰাকীয়ে ফোনত অত্যাধিক সময় অতিবাহিত কৰি অহা বাবে ক্ৰোধান্বিত হৈ যোৱা কেবামাহো ধৰি নিজ কন্যাক উপৰ্যুপৰি ধৰ্ষণ কৰি অহাৰ কথা অভিযুক্ত পিতৃগৰাকীয়ে স্বীকাৰ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
ইফালে চহৰখনৰ আন এটা ধৰ্ষণজনিত ঘটনাও পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এটি ৫ বছৰীয়া কন্যা শিশুক এগৰাকী ১২ বছৰীয়া কিশোৰে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে৷ ইতিমধ্যে ভিজাগ আৰক্ষীয়ে অভিযুক্ত কিশোৰগাৰীক নিজৰ জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ