ICU ত আজি ১৮ দিন অতিক্ৰম কৰিলে লতা মংগেশকাৰে৷ বৰ্তমানেও সুস্থ হোৱা নাই বিশিষ্ট কণ্ঠশিল্পীগৰাকী৷ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ বহু বাকী৷ আজি লতা মংগেশকাৰৰ টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে তেখেতৰ ব্যক্তিগত সহায়কে৷ বিগত ১০ জানুৱাৰীৰ পৰা ব্ৰিছ কেণ্ডি হাস্পতালৰ ICUত আছে লতাজী৷
বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰতীত ছামদানিৰ তত্বাৱধানত চিকিৎসকৰ দৰে চিকিৎসা সেৱা আগবঢ়াই আছে বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীক৷ বিশেষভাৱে আজি পুৱা TRIAL of extubation সম্পন্ন কৰে বিশেষজ্ঞ চিকিৎসকৰ দলে৷ কোভিড-১৯ আৰু নিউমুনিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল লতা মংগেশকাৰ৷
সকলোৰে আশা সোনকালেই সুস্থ হওক লতা মংগেশকাৰ৷ তেখেতৰ আশু আৰোগ্য কামনা কৰি অনুৰাগীৰ প্ৰাৰ্থনা৷
— Lata Mangeshkar (@mangeshkarlata) January 27, 2022
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ