‘ঈশ্বৰ আল্লা তেৰে নাম, সবকো সন্মতি দে ভগৱান…’ অশ্ৰুসিক্ত নয়নেৰে লতাজীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে প্ৰতিগৰাকী অনুৰাগীয়ে৷ কোনোৱে যদি আল্লাৰ ওচৰত দোৱা মাগিলে, কোনোৱে আকৌ ভগৱানক প্ৰাৰ্থনা জনালে বিদেহী আত্মাৰ সদগতিৰ বাবে৷
শেহতীয়াকৈ শ্বাহৰুখ খানৰ এখন ফটোৱে আৱেগিক কৰি তুলিছে অনুৰাগীক৷ আল্লাৰ ওচৰত দোৱা জনাই শেষ বিদায় জনালে লতা মংগেশকাৰক৷ বহুতৰ বাবে এই কথা প্ৰশংসাৰ যোগ্য যদিও একাংশৰ বাবে ছ’চিয়েল মিডিয়াত সমালোচনাৰ লক্ষ্য হ’ল কিং খান৷ মুম্বাইৰ শিৱাজী পাৰ্কৰ সমূহীয়া শ্মাশনৰ দৃশ্য আছিল সেয়া৷ শ্বাহৰুখ খান আৰু মেনেজাৰ পূজা ডেডলানীৰ শেষ বিদায়ৰ দৃশ্য৷
ধৰ্ম নিৰপেক্ষ দেশত ব্যক্তিৰ ধাৰ্মিক উদাৰতাৰ এই দৃশ্য একাংশ লোকৰ বাবে প্ৰশংসাৰ যোগ্য যদিও আন একাংশৰ হাতত সমালোচনাৰ সন্মুখীন হ’ল শ্বাহৰুখ খান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ