ভাৰতীয় ব্যৱসায়ী ৰাকেশ ঝুনঝুনওৱালাই মাত্ৰ ১০ মিনিটতে উপাৰ্জন কৰিলে ১৮৬ কোটি টকা৷
কিন্তু কেনেকৈ এই বৃহৎ পৰিমাণৰ ধন আয় কৰিলে ঝুনঝুনওৱালাই?
ঝুনঝুনওৱালাৰ দুটা সংস্থাৰ শ্বেয়াৰ দাম হঠাতে বৃদ্ধি হোৱাৰ ফলতে উপাৰ্জন কৰিছে এই বৃহৎ অংকৰৰ ধন৷ সংস্থা দুটা হৈছে ক্ৰমে টাইটান কোম্পানী আৰু টাটা মটৰছ৷
প্ৰকাশিত খবৰ অনুসৰি যোৱা সোমবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত নেশ্যনেল ষ্টক এক্সচেঞ্জত টাইটান কোম্পানীৰ শ্বেয়াৰৰ মূল্য আছিল ২,৩৯৮ টকা৷
মংগলবাৰে বজাৰ খোলাৰ মাত্ৰ ১০ মিনিটৰ ভিতৰতে ২,৪৩৫ টকালৈ উদ্ধগামী হয় শ্বেয়াৰৰ মূল্য৷ অৰ্থাৎ ৪৭৬.১৫ টকা বৃদ্ধি হয়৷ ইয়াৰ কিছু ক্ষণ পিছতে পুনৰ বৃদ্ধি হয় ৪৭৬.২৬ টকালৈ৷
ইফালে সোমবাৰে বজাৰ বন্ধ কৰাৰ সময়ত টাটা মটৰছৰ শ্বেয়াৰৰ মূল্য আছিল ৪৭১.৪৫ টকা৷
আনহাতে, বিগত বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ মাহৰ ত্ৰৈমাসিক ৰিপ’ৰ্ট অনুসৰি টাটা কোম্পানীত ঝুনঝুনওৱালাৰ নামত ৩,৫৭,১০৩৯৫ টা (৪.০২ শতাংশ) আৰু পত্নীৰ নামত ১.০৭ শতাংশৰেৰে ৯৫,৪০,৫৭৫ টা শ্বেয়াৰ আছে৷ অৰ্থাৎ ঝুনঝুনওৱালাৰ পৰিয়ালৰ নামত ৫.০৯ শতাংশৰেৰে ৪,৫২,৫০,৯৭০ টা শ্বেয়াৰৰ আছে৷
চলিত বৰ্ষৰ ত্ৰৈমাসিক ৰিপ’ৰ্টৰ মতে ঝুনঝুনওৱালাৰ ১.১৮ শতাংশৰেৰে ৩,৯২,৫০,০০০ টা শ্বেয়াৰ আছে৷
ষ্টক এক্সচেঞ্জ শ্বেয়াৰৰ মূল্য বৃদ্ধি হোৱাত এই সমুদায় শ্বেয়াৰৰ ফলতে ঝুনঝুনওৱালাৰ মাত্ৰ ১০ মিনিটতে ১৮৬ কোটি টকাৰ উপাৰ্জন হয়৷
এইদৰে টাইটান কোম্পানীৰ পৰা ১৬৭ কোটি টকা আৰু টাটা মটৰছৰ পৰা ১৯ কোটি টকাৰ মুঠ ১৮৬ কোটি টকাৰ উপাৰ্জন কৰে ঝুনঝুনওৱালাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















