মেঘ— পৰিৱেশ অনুকূল থাকিব৷ ঘৰত প্ৰিয়জনৰ আগমন ঘটিব পাৰে৷ নতুন কোনো কামত সফল হ’ব পাৰিব৷ বিশেষ কোনো আশা নকৰাই ভাল৷ আৰ্থিক উন্নতি৷ ব্যৱসায়ত উন্নতি৷ প্ৰেমত অশুভ৷
বৃষ— সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ খং নিয়ন্ত্ৰণৰ ৰাখক৷ দুপৰীয়াৰ পাছত আৰ্থিক শুভ৷ বাধাৰ মাজেৰে কৰ্মৰ সাফল্যৰ যোগ৷ ব্যৱসায়-বাণিজ্যত শুভ৷ প্ৰেম-প্ৰীতিত অশুভ৷
মিথুন— শুভ বুধৰ প্ৰভাৱত আয়ৰ উন্নতি৷ কৰ্মক্ষেত্ৰত অশান্তি৷ বুধ শুভ হোৱা বাবে ব্যৱসায়-বাণিজ্যত উন্নতি হ’ব৷ নতুন কামত সাফল্য৷ দিনটোত নতুন কোনো পৰিকল্পনা গ্ৰহণ কৰিব পাৰে৷ দাম্পত্য-প্ৰেমত শুভ৷
SEE MORE: হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?
কৰ্কট— মনৰ অৱস্থা বিশেষ ভাল নাথাকিব৷ একাধিক সুযোগ-সুবিধা বেয়া হ’ব পাৰে৷ বিভিন্ন কাৰণত ব্যয়ৰ পৰিমাণ বৃদ্ধি৷ পাৰিবাৰিক দিশত মত-বিৰোধ হ’ব পাৰে৷ ভ্ৰমণৰ যোগ৷ প্ৰেমত শুভ৷
সিংহ— পাৰিবাৰিক দিশত অশুভ৷ পত্নীৰ কাৰণে চিন্তা৷ অশুভ ৰাহুৰ বাবে আয় উন্নতিত বাধা৷ ব্যৱসায়-বাণিজ্যত মধ্যম৷ প্ৰেম-দাম্পত্যত মত বিৰোধৰ সম্ভৱনা৷ বিদ্যাৰ্থীৰ মধ্যম৷ কন্যা— পৰিশ্ৰম অনুপাতে দিনটোত আয় কম৷ শত্ৰুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত শান্তি থাকিব৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা পাব৷ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো মধ্যম৷ প্ৰেম-দাম্পত্যত শুভ৷
SEE MORE: ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?
তুলা— বিশেষ কোনো গুণৰ বাবে সন্মানপ্ৰাপ্তিৰ যোগ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ৷ আৰ্থিক ক্ষেত্ৰত দিনটো শুভ যদিও মানসিক অশান্তি থাকিব৷ কৰ্মক্ষেত্ৰত সৰু-সুৰা সমস্যাই দেখা দিব পাৰে যদিও সমাধান কৰিবলৈ সক্ষম হ’ব৷ বিদ্যাৰ্থীৰ শুভ৷
বৃশ্চিক— শনি অশুভ হোৱাৰ বাবে খং-ৰাগ বৃদ্ধি৷ ব্যয় বৃদ্ধি৷ কিবা কাৰণত ঋণ ল’ব লগা হ’ব পাৰে৷ দিনটোত মনৰ আশা পূৰণ হোৱাৰ যোগ৷ দুৰ্ঘটনা হ’ব পাৰে, গতিকে সাৱধানে থাকক৷
ধনু— শৰীৰত আঘাত পাব পাৰে৷ চলা-ফুৰাত সতৰ্ক থাকক৷ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি৷ আৰ্থিক উন্নতিত ব্যৰ্থ৷ কৰ্মৰ প্ৰতি উৎসাহ৷ প্ৰেম-দাম্পত্যত শান্তি৷ ব্যৱসায়ত উন্নতি৷ বিদ্যাৰ্থীৰ মধ্যম৷
মকৰ— কৰ্মক্ষেত্ৰত সুনাম লাভ৷ ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে৷ পাৰিবাৰিক ক্ষেত্ৰত মধ্যম৷ আবেলিৰ ভাগত আৰ্থিক ক্ষেত্ৰ পৰিৱৰ্তন৷ আপোনাৰ বিশ্বাসীয়ে ক্ষতিসাধন কৰিব পাৰে৷ বিদ্যাৰ্থীৰ শুভ৷
কুম্ভ— কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব৷ আৰ্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব৷ আৰ্থিক ক্ষেত্ৰত দিনটো শুভ৷ খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷ পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব৷ শত্ৰুৰ তৎপৰতা বৃদ্ধি৷ শত্ৰুৰ পৰা সতৰ্ক থাকিব৷
মীন— মীন ৰাশিৰ বাবে দিনটো শুভ৷ আবেলি ভাগত কিছু সমস্যা আহিব পাৰে৷ বৃহস্পতিৰ শুভ প্ৰভাৱত নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ ব্যৱসায়-বাণিজ্যত শুভ৷ কিবা কাৰণত পাৰিবাৰিক শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা৷ বিদ্যাৰ্থীৰ শুভ৷
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ