ৰজা যিমানেই কঠোৰ নহওক কিয়, যেতিয়া শৌচ কৰিব লাগে তেতিয়া পায়খানাই কিন্তু চিনি নাপায় তেওঁ ৰজা নে আন কোনবা। যেতিয়া পাইখানা-প্ৰচাব লাগে লাজ বুলি কোনো কথা নাথাকে, ধৈৰ্য বুলিও কোনো কথা নাথাকে। শৌচ লগা মাত্ৰকেই আপুনি য’তেই আছে যেনেকৈয়ে আছে শৌচালয়লৈ কানি-কাপোৰ খুলি দৌৰিবই লাগিব আপুনি।
SEE MORE: কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!
এই পাইখানই কাৰোৰে কথা নুবুজে বা পৰিস্থিতি যিমানেই জটিল নহওক কাৰোৰে কথা নুশুনে। আৰু এইবাৰ তেনে এক আমোদজনক ঘটনাই ঘটিল চলিত আইপিএল সংস্কৰণত। আইপিএলৰ শনিবাৰৰ দিনটোত খেল আছিল পঞ্জাৱ কিংছ বনাম গুজৰাট টাইটানছৰ মাজত। সকলোফালে ঠিকেই চলি আছিল খেলখন। কিন্তু চলি থকা খেলখনৰ আঠ নম্বৰ অভাৰত লাগিল অথন্তৰ।
SEE MORE: হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?
কিয়নো অশেষ ধৈৰ্য ধৰি শেষত নোৱাৰিলেগৈ গুজৰাট টাইটানছৰ বেটিঙত থকা নৱাগত খেলুৱৈ ছাই সুদৰ্শনে। আৰু তীব্ৰ বেগত লগা পাইখানক বাধা দিব নোৱাৰি খেলৰ মাজতে হেলমেট, পেড, বেট পেলাই পাইখানা কৰিবলৈ দৌৰ মাৰে ছাই সুদৰ্শনে। যাৰ বাবে খেলৰ পূৰ্ব নিৰ্ধাৰিত সময়ৰ মাজত খেলিমেলি লাগে খেল আয়োজক সমিতিৰ মাজত। ইফালে ছাই সুদৰ্শনে পাইখানা কৰিবলৈ মৰা এই দৃশ্য ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ