কলকাতাত অনুষ্ঠিত এক কনচাৰ্টত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী কে কে-এ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি চঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অনুৰাগীক শোকস্তব্ধ কৰি তুলিছে৷
জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ চাঞ্চল্যকৰ মৃত্যুৰ কেইঘণ্টামান পিছতে এটা ভিডিঅ’ত তেওঁৰ শেষ অৱস্থা প্ৰত্যক্ষ কৰিছে অনুৰাগীসকলে৷ ভিডিঅ’টোত দেখা গৈছে যে ততাতৈয়াকৈ সভাস্থলীৰ পৰা বাহিৰলৈ লৈ যোৱাৰ সময়ত কণ্ঠশিল্পীগৰাকী অসুস্থ হৈ পৰিছে।
অনুষ্ঠানৰ পৰা তেওঁক পুনৰ নিজৰ হোটেললৈ লৈ যোৱা হয় আৰু তেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটা বুলিও জানিব পৰা গৈছে। খবৰ অনুসৰি কণ্ঠশিল্পীগৰাকীৰ বুকুৰ বিষত আক্ৰান্ত হৈ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।
লগতে পঢ়ক চিগাৰেট সেৱনকাৰী বলীউডৰ তাৰকা, কিয় ধঁপাত ত্যাগ কৰিলে এই তাৰকাসকলে?
আন এটা ভিডিঅ’ত দেখা গৈছে যে গীত পৰিৱেশন কৰি থকাৰ মাজতে গায়কজনে মুখ মচিবলৈ লোৱা বিৰতিত প্ৰচুৰভাৱে ঘামি উঠিছে। ভিডিঅ’টোত কাৰোবাৰ কণ্ঠত কোৱা শুনা গৈছিল, ‘‘ব্যহুট জ্যাদা গৰম হায় (বহুত গৰম হয়)৷’’ এটা সময়ত কে কেক মঞ্চত এজন মানুহক ইংগিতেৰে এয়াৰ কণ্ডিচনাৰৰ কথা কোৱা যেন দেখা গৈছে।
ইফালে এডিটিটিভিৰ এটা ভিডিঅ’ত কণ্ঠশিল্পীগৰাকীক কেইজমান লোকে ধৰি উলিয়াই অনা দেখা গৈছে৷ অৱশ্যে ভিডিঅ’টোত কে কে নিজেই খোজকাঢ়িব পৰা অৱস্থাতে আছিল৷
Singer KK filmed rushing from concert, died on way to hospital https://t.co/NDAmyOQHdS pic.twitter.com/M81yBiLqpN
— NDTV (@ndtv) June 1, 2022
কণ্ঠশিল্পীগৰাকীৰ প্ৰকৃত মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু শীঘ্ৰেই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দিয়াৰ সম্ভাৱনা আছে। এক সূত্ৰই প্ৰকাশ কৰিছে যে আৰক্ষীয়ে কে কেৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে।
ছ’চিয়েল মিডিয়াত বহুতে দাবী কৰিছে যে দক্ষিণ কলকাতাৰ নজৰুল মঞ্চৰ প্ৰেক্ষাগৃহটোত অত্যধিক লোকৰ সমাগম হৈছিল যাৰ ফলত ভিতৰৰ পৰিৱেশ মাত্ৰাধিক উষ্ণ হৈ পৰিছিল। নজৰুল মঞ্চত প্ৰায় ২৪০০ লোকৰ ক্ষমতা আছে যদিও ছ’চিয়েল মিডিয়াৰ পোষ্টত দাবী কৰা হৈছে যে কে কেৰ কলেজ ফেষ্টৰ বাবে পৰিৱেশন কৰা অনুষ্ঠান ইয়াতকৈ অধিকসংখ্যক লোকে প্ৰৱেশ কৰিছিল।
লগতে পঢ়ক আলফা(স্বা)ৰ ওচৰত ক্ষমা ভিক্ষা মন্ত্ৰীৰ, মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীক কি সকীয়নি দিলে?
ইফালে ৫৩ বছৰীয়া কণ্ঠশিল্পী গৰাকী অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চি এম আৰ আই হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পাছত চিকিৎসালয়খনত চিকিৎসকে কে কেক মৃত বুলি ঘোষণা কৰে।
কে কে-এ অনুষ্ঠানৰ পূৰ্বে তেওঁৰ অফিচিয়েল ৱেবছাইট The Mesmerizerত কৈছিল, ‘‘এজন শিল্পীয়ে মঞ্চত থাকিলে এটা নিৰ্দিষ্ট শক্তি লাভ কৰে। এজনৰ অৱস্থা যিয়েই নহওক কিয়, মই এবাৰ মঞ্চত উঠিলে, মই সকলো পাহৰি যাওঁ আৰু সৰলভাৱে পৰিবেশন কৰো।’’
৯০ দশকতে বলিউদত আত্মপ্ৰকাশ কৰা ৫৩ বছৰীয়া কে কেই হিন্দী, তামিল, তেলেগু, কানাড়া, মালয়ালম, মাৰাঠী আৰু বাংলা আদি ভাষাত অসংখ্য গীত ৰেকৰ্ডিং কৰিছে।
লগতে পঢ়ক জুন মাহত কোন কোন ৰাশিৰ ওপৰত পৰিব মা লক্ষ্মীৰ কৃপাৰ বৰষুণ?
তেওঁৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কে কেৰ “গীতসমূহে সকলো বয়সৰ লোকৰ মাজত এক যোগসূত্ৰৰ দৰে, এক বিস্তৃত পৰিসৰৰ আৱেগ প্ৰতিফলিত কৰে৷”
দেশৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ত সিঁচৰিত হৈ থকা তেওঁৰ অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ