নিভাঁজ অসমীয়া থলুৱা হাস্যৰসৰ উপাদানেৰে সমৃদ্ধ লোকেল উৎপাত-এ বক্স অফিচত অন্য এক মাইলষ্টোন স্পৰ্শ কৰিছে৷
যোৱা ১৩ মে’ত অসমৰ ছবিগৃহত মুক্তি পোৱা লোকেল উৎপাত-এ অসমৰ ছবিগৃহসমূহৰ প্ৰতিটো দৰ্শনীতে হাউছফুল হোৱা দেখা গৈছে৷ দৰ্শকৰ বিপুল সঁহাৰিৰ ফলতে ছবিখনে বক্স অফিচত ১ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷
প্ৰায় দুঘণ্টাৰ পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে। তেওঁ পূৰ্বে চিকুৱেল ছবি লোকেল কুংফুৰ নিৰ্মাণ কৰি অসমীয়া দৰ্শকৰ মন জয় কৰি থৈছিল।
লগতে পঢ়ক বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?
কেনি দেউৰী বসুমতাৰীৰ পৰিচালিত নৱতম ছবি লোকেল উৎপাত যোৱা ১৩ মে’ত অসমৰ ৩৫ টা ছবি গৃহত মুক্তি দিয়া হৈছিল৷
মুক্তিৰ পূৰ্বে ছবিখন ইউনিটটোৱে যথাসাধ্যে সামাজিক মাধ্যম আৰু অসমৰ একাংশ সংবাদ মাধ্যমৰ যোগে প্ৰচাৰৰ চেষ্টা কৰা দেখা গৈছিল৷ অসমৰ কিছুমান নিৰ্দিষ্ট স্থানতো গৈ তেওঁলোকে ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰিছিল৷
কিন্তু তেওঁলোকৰ প্ৰচাৰৰ এই প্ৰয়াস জুবিন গাৰ্গৰ মিছন চাইনা আৰু কাঞ্চজংঘা অথবা যতীন বৰাৰ ৰত্নাকৰৰ দৰে বিশেষ গুৰুত্ব পোৱা পৰিলক্ষিত হোৱা নাছিল৷ আনকি তেওঁলোকৰ ছবিখনৰ প্ৰচাৰ তথা প্ৰমোচনৰ ক্ষেত্ৰত মূলসুঁতি সংবাদ মাধ্যমেও উপেক্ষা কৰাহে পৰিলক্ষিত হয়৷
লগতে পঢ়ক কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?
কিন্তু চলচ্চিত্ৰখনে মুক্তি লাভ কৰাৰ পিছতে এক অন্য গতি লাভ কৰা দেখা যায়৷ ছবিখন চাই মন্ত্ৰমুগ্ধ হোৱা দৰ্শকসকলে সামাজিক মাধ্যম বিশেষকৈ ফেচবুকৰ জৰিয়তে ছবিখন নিভাঁজ হাস্যৰসৰ উপাদানেৰে সমৃদ্ধ, এক নিটোল কাহিনী আৰু ট্ৰিটমেন্টটো যথেষ্ট উচ্চমানৰ বুলি প্ৰচাৰ কৰাৰ পিছতে ছবিখনৰ প্ৰতি দশকৰ আগ্ৰহ বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷
ইপিনে ছবিখনৰ ইউনিটটোৱেও প্ৰতিটো দিনাই ৰাজ্যৰ বিভিন্ন ছবিগৃহত ছবিখনৰ দৰ্শনীৰ পাছত দৰ্শকৰ সৈতে মত বিনিময়ৰ বাবে উপস্থিত হৈ ইয়াৰ জয়যাত্ৰাক অধিক গতিশীল কৰি তোলে৷
লগতে পঢ়ক দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?
ইফালে বক্স অফিচ কালেকচনে ১ কোটিৰ ঘৰ স্পৰ্শ কৰা পাছতে ছবিখনত অভিনয় কৰা কলা–কুশলীৰ লগতে পৰিচালকে এইক্ষেত্ৰত ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বক্স অফিচত সফলতা লাভ কৰাৰ পাছত এতিয়া লোকেল উৎপাত চলচ্চিত্ৰখন অসমৰ ভিতৰুৱা অঞ্চলৰ লগতে অসমৰ বাহিৰতো ছবিখন মুক্তি দিয়াৰ কথা ভবা হৈছে।
দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰুত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে অসমৰ বাহিৰৰ দুখনমান চহৰত ছবিখন মুক্তি দিয়া বুলিও পৰিচালকে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ