• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

4 years ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

31 minutes ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

2 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

17 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

17 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

18 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

19 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

20 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

editor by editor
June 26, 2022
in অসম, নিয়োগ, লেখা, শিক্ষা
0
নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ চৰকাৰী চাকৰিত নিযুক্তি লাভৰ বাবে ভাৰতৰ সৰহসংখ্যক যুৱক-যুৱতীৰে এক হাবিয়াস থাকে৷ আৰু সেই হাবিয়াস পূৰণ কৰিবলৈ সকলো সময়তে সজাগ আৰু সতৰ্ক হৈয়ো থাকে৷ কিন্তু তাৰ পাছতো সাম্প্ৰতিক ভাৰতবৰ্ষত চৰকাৰী চাকৰি লাভ কৰা সহজ নহয়৷

কিয়নো শিক্ষিত নিবনুৱাৰ অনুপাতে চৰকাৰী কাৰ্যালয় অথবা বিভাগসমূহত থকা খালী পদৰ সংখ্যা যথেষ্ট কম৷ কিন্তু তাৰ মাজতো শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আছে এক সুখবৰ৷ প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি ভাৰতবৰ্ষত বিভিন্ন চৰকাৰী কাৰ্যালয়ত খালী হৈ থকা পদৰ সংখ্যা ৬০ লাখৰো অধিক৷

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ কৰে তেন্তে এবছৰৰ ভিতৰত ৬০ লাখ যুৱক-যুৱতীয়ে চৰকাৰী কাৰ্যালয়ত বিভিন্ন পদত নিযুক্তি লাভ কৰাটো সহজ হৈ উঠিব৷

ইমান বৃহৎসংখ্যক চৰকাৰী চাকৰি খালী হৈ থকাৰ তথ্য ফাদিল কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড০ অজয় কুমাৰে৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতা ড০ অজয় কুমাৰে ২৬ জুনত গুৱাহাটীত অনুষ্ঠিত কৰে এক সংবাদমেল৷ আৰু সংবাদমেলতে কংগ্ৰেছ নেতাগৰাকীয়ে এই তথ্য সদৰী কৰিছে৷

নেতাগৰাকীৰ পৰা পোৱা তথ্য অনুসৰি কেৱল কেন্দ্ৰ চৰকাৰৰ অধীনষ্ঠ কাৰ্যালয়সমূহতে ২৪ লাখতকৈয়ো অধিক চৰকাৰী চাকৰি খালী হৈ আছে৷ এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় ইমান বৃহৎসংখ্যক চৰকাৰী পদ খালী হৈ থকাৰ পাছতো সেই পদত চৰকাৰে নিযুক্তিৰ ব্যৱস্থা কৰিব পৰা নাই কিয়?

বিভিন্ন সূত্ৰই সংবাদ মাধ্যমত অভিযোগ কৰা অনুসৰি দেশৰ বিত্তীয় অৱস্থা সুস্থিৰ আৰু নিৰাপদ নহয় বাবে বিজেপি চৰকাৰে ৬০ লাখ খালী পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কুণ্ঠাবোধ কৰিছে৷

কিয়নো এইসমূহ খালী পদ পূৰণ হোৱাৰ পাছতে প্ৰতিমাহত ব্যয়ৰ বোজা বহুগুণে বৃদ্ধি পাব৷ ইফালে দেশত মুদ্ৰাস্ফীতিৰ হাৰ অত্যধিক৷

স্বাধীনোত্তৰ ভাৰতবৰ্ষত ইয়াৰ পূৰ্বে ৭ শতাংশ মুদ্ৰাস্ফীতি হোৱাৰ কোনো নজিৰ নাই আৰু সেইবাবে শোচনীয় বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ চৰকাৰে কুণ্ঠাবোধ কৰিছে৷ ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে দেশৰ বিত্তীয় পৰিস্থিতি সুস্থিৰ অথবা নিৰাপদ নহয়৷

বিৰোধী দল-সংগঠনসমূহে যোৱা দুবছৰৰ পৰা এই অভিযোগ উত্থাপন কৰি আহিছে৷ অৱশ্যে তৎসত্ত্বেও আশাৰ খবৰটো হৈছে যদি দেশৰ বিত্তীয় পৰিস্থিতি উন্নত অথবা সুস্থিৰ হয় তেতিয়া মুদ্ৰাস্ফীতিৰ হাৰ নিম্নগামী হোৱাটো নিশ্চিত হৈ উঠিব৷ আৰু হয়তো চৰকাৰে সেই সময়লৈ অপেক্ষা কৰিছে৷

কিন্তু ইয়াৰ সমান্তৰালভাৱে বিৰোধী দলসমূহে আন এক বিস্ফোৰক তথ্যও প্ৰকাশ পাইছে৷ চৰকাৰী তথ্যৰ উদ্ধৃতি দি কংগ্ৰেছ নেতা ড০ অজয় কুমাৰে সংবাদমেলত ইয়াকো কৈছে যে অগ্নিপথ নামৰ যি আঁচনি প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰিছে সেই আঁচনিয়ে দেশৰ সামৰিক শক্তিক দুৰ্বল কৰি পেলাব৷

কিয় আৰু কেনেকৈ সামৰিক শক্তি দুৰ্বল হ’ব তাকো ৰাজহুৱা কৰিছে বিৰোধী শিবিৰৰ নেতাগৰাকীয়ে৷ তেওঁ সদৰী কৰা অনুসৰি সম্প্ৰতি ভাৰতত সক্ৰিয় সশস্ত্ৰ সৈনিকৰ সংখ্যা ১৬ লাখ৷

প্ৰতিবছৰে নিৰ্দিষ্ট সংখ্যক সেনাজোৱানে অৱসৰ গ্ৰহণ কৰে৷ আৰু সেই খালী পদ পূৰাবলৈ প্ৰতিবছৰে নতুনকৈ ৮০ হাজাৰ সেনাজোৱানক নিযুক্তি দিয়া হয়৷ এই অৱসৰ গ্ৰহণ আৰু নিযুক্তি প্ৰক্ৰিয়াৰ মাজত সামাঞ্জস্য নাথাকিলে দেশৰ সামৰিক শক্তিত বিসংগতি হোৱা স্বাভাৱিক৷

ইফালে ১৪ জুনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জাৰি কৰা এক জাননী অনুসৰি অগ্নিপথ নামৰ আঁচনিৰ অধীনত ৪ বছৰৰ বাবে সেনাবাহিনীত জোৱান হিচাপে নিযুক্তি দিয়া হ’ব৷ প্ৰস্তাৱ অনুসৰি এই প্ৰক্ৰিয়াৰে বছৰি ২৪ হাজাৰ সেনাজোৱানক নিযুক্তি দিয়া হ’ব৷

অৰ্থাৎ অৱসৰ গ্ৰহণ কৰিবলগীয়া ৮০ হাজাৰ জোৱানৰ বিপৰীতে মাত্ৰ ২৪ হাজাৰ জোৱানক নিযুক্তি দিবলৈ প্ৰস্তাৱ লোৱা হৈছে নেকি? এই প্ৰক্ৰিয়াই দেশৰ সামৰিক শক্তি হ্ৰাস নকৰিবনে?

বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ চৰকাৰে যদি এই সিদ্ধান্ত লৈছে তেন্তে এই সিদ্ধান্তই সামৰিক শক্তিক দুৰ্বল কৰাৰ লগতে দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতিও সৃষ্টি কৰিব ভাবুকি৷

কিয়নো এই প্ৰক্ৰিয়াই ৪ বছৰ পাছত দেশৰ সামৰিক ক্ষমতা ৬ লাখলৈ হ্ৰাস কৰিব বুলিও অতি বিস্ফোৰক অভিযোগ আনিছে বিৰোধী পক্ষৰ বহু নেতাই৷

আৰু সেইবাবে আগন্তুক সময়ছোৱাত চৰকাৰৰ ভূমিকাইহে নিৰ্ণয় কৰিব দেশৰ নিৰাপত্তা আৰু নিবনুৱা যুৱক-যুৱতীৰ কৰ্মময় জীৱনৰ ভৱিষ্যৎ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam ka newsassam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamhimanta biswa sarmahimanta biswa sharmaindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
Next Post
দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

উঃ মাঃৰ চূড়ান্ত ফলাফল : কলাত ছাত্ৰীৰ, বাণিজ্যত ছাত্ৰৰ আৰু বিজ্ঞানত আধিপত্য কাৰ?

উঃ মাঃৰ চূড়ান্ত ফলাফল : কলাত ছাত্ৰীৰ, বাণিজ্যত ছাত্ৰৰ আৰু বিজ্ঞানত আধিপত্য কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.