ওমানৰ বীচ্চত অৱসৰ বিনোদন কটাই থকাৰ সময়তে অতি কৰুণভাৱে সললি সমাধি ঘটিছে দুই সন্তানসহ এগৰাকী পিতৃৰ৷
যোৱা বুধবাৰে ডুবাইত যান্ত্ৰিক অভিযন্তাৰূপে কৰ্মৰত মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ জাট গাঁৱৰ ৪২ বছৰীয়া শশীকান্ত মহামানে পত্নী আৰু দুই সন্তানৰ হৈতে বন্ধ দিনৰ অৱসৰ বিনোদনৰ বাবে ওমান বীচ্চলৈ গৈছিল৷
সাগৰৰ পাৰত অৱসৰ বিনোদন তথা সাগৰৰ ঢৌ উপভোগ কৰি থকাৰ সময়তে হঠাতে সাগৰৰ কুবাল ঢৌৱে শশীকান্তসহ ৯ বছৰীয়া কন্যা শ্ৰুতি আৰু ৬ বছৰীয়া পুত্ৰ শ্ৰেয়াসক উটুৱাই লৈ যায়৷ সেই সময়ত শশীকান্তৰ পত্নীও লগতে আছিল যদিও সৌভাগ্যক্ৰমে তেওঁৰ প্ৰাণ ৰক্ষা পৰে৷
Maharashtra’s family drown at Oman beach, Girl swept away on camera | *newshttps://t.co/w9ezicTHqO #Oman #MaharashtraFamilyDrowned pic.twitter.com/z7DNirbN4V
— Oneindia News (@Oneindia) July 14, 2022
লগতে পঢ়ক চেনিটেৰী পেড নহয়! চৰকাৰে দিছে ১ লাখ বিনামূলীয়া ঋতুস্ৰাৱ কাপ
ইতিমধ্যে পৰিয়ালটোক উটুৱাই নিয়া ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোত দেখা গৈছে হঠাতে অহা খৰস্ৰোতা সাগৰীয় ঢৌৱে পৰিয়ালটোৰ তিনিগৰাকীকৈ সদস্যক নিমিষতে উটুৱাই নিয়ে৷
সাগৰত ডুব যোৱাৰ পিছতে শশীকান্ত আৰু তেওঁৰ সন্তান দুটিৰ উদ্ধাৰ অভিযান চলি আছে যদিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ