মানুহে কষ্ট কৰি ধন উপাৰ্জন কৰে। কৰ্ম আৰু মানসিক চাপত বহু মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব নিদিয়ে। কিন্তু এই পৃথিৱীত কিছুমান মানুহে এনেদৰে ধন উপাৰ্জন কৰি আছে যে যি বহুতৰে বাবে কল্পনাৰো অগোচৰ।
এনে এটা বাতৰি সংবাদ মাধ্যম প্ৰকাশ পাইছে, যিটো বাতৰিৰ মতে এগৰাকী মহিলাই ঘৰতে বহি প্ৰতিমাহে কমেও ১০ লাখকৈ টকা উপাৰ্জন কৰি আহিছে৷
এই মহিলাগৰাকী হৈছে ব্ৰিটেইনৰ৷ নাম এণ্টনিয়া গ্ৰাহাম।ব্ৰিটিছ সংবাদ পত্ৰ ‘দ্য ছান’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, কৰ’না কালত লকডাউনৰ সময়ছোৱাত বহু লোকে ইণ্টাৰনেটত গুগলৰ জৰিয়তে ঘৰৰ পৰা ধন উপাৰ্জনৰ উপায় সন্ধান কৰিছিল। দুৰ্যোগৰ সময়ত সুযোগ বিচাৰি বহু লোক এই অভিযানত সফলো হৈছিল।
লগতে পঢ়ক অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান
কিন্তু ব্ৰিটেইনৰ এণ্টনিয়াই আকৌ ইন্টাৰনেটৰ মাধ্যমৰে ধন উপাৰ্জনৰ এক অভিনৱ পন্থা উদ্ভাৱন কৰে৷ স্মৰ্তব্য যে এই ধুনীয়া মহিলাগৰাকীৰ ওজন আৰু পেটৰ চৰ্বি বৃদ্ধি হোৱাক লৈ মানুহে ঠাট্টা-মস্কৰা কৰি আহিছিল। কিন্তু হতাশ হোৱাৰ পৰিৱৰ্তে তেওঁ শৰীৰটোৰ এই অংশকেই ধন উপাৰ্জনৰ মাধ্যম কৰি তুলিলে। আজি তেওঁ ঘৰত আৰামত বহি খোৱা-বোৱা কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে।
কিছুদিন আগতে ছ’চিয়েল মিডিয়াত এটা খবৰ বিয়পি পৰিছিল যে এগৰাকী মহিলাই নিজৰ পাদ বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে। এনে এক অনন্য উপায় সন্ধান লাভ কৰাৰ পিছতে এণ্টনিয়াই তেওঁৰ ট্ৰ’লাৰবোৰৰ লগত কথা পতা বন্ধ কৰি দিছে।
লগতে পঢ়ক কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ
এণ্টনিয়াৰ ছ’চিয়েল মিডিয়াত লাখ লাখ ফ’ল’ৱাৰ আছে। ফেন ফ’ল’ৱাৰ ভিত্তিত তেওঁ ৫ৰ পৰা ১০ মিনিটৰ অনলাইন চেচনত চৰ্বিৰে সমৃদ্ধ পেট দেখুৱাই হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। ২৫ বছৰীয়া এণ্টনিয়া গ্ৰাহামে নিজেই অনুৰাগীসকলৰ সৈতে ধন উপাৰ্জনৰ এই অদ্ভুত উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিছে।
এণ্টনিয়াৰ প্ৰাপ্তবয়স্ক ছাইট অনলিফেনত নিজৰ একাউণ্ট আছে। এই চাইটত থকা তেওঁ নিজৰ একাউণ্টত ভিডিঅ’ আৰু ফ’টোৰ দ্বাৰা নিজৰ পেটৰ মাত্ৰাধিক চৰ্বিবোৰ দেখুৱাই ধন ঘটি আছে। ইয়াক ফিডাৰিজম কিংক বোলা হয়। মহিলাগৰাকীয়ে অনুৰাগীসকলৰ বাবে খাই থকা ভিডিঅ’ও শ্বেয়াৰ কৰে৷
লগতে পঢ়ক চেনিটেৰী পেড নহয়! চৰকাৰে দিছে ১ লাখ বিনামূলীয়া ঋতুস্ৰাৱ কাপ
অনুৰাগীসকলে মহিলাগৰাকীয়ে খাই থকা ভিডিঅ’ৰ লগতে তেওঁৰ পেট আৰু পেটৰ বৰ্ধিত চৰ্বি দেখি আনন্দিত হয় যাৰ পৰা তেওঁ মাহে লাখ লাখ টকা উপাৰ্জন কৰে।
এণ্টনিয়াই কয় যে আগতে তেওঁ নিজৰ বৰ্ধিত ওজনৰ বাবে বহুত চিন্তিত আছিল। কিন্তু এতিয়া তেওঁ ইয়াকে উপাৰ্জনৰ মাধ্যম হিচাপে লৈ ওজন আৰু বৃদ্ধিহে কৰিছে। এণ্টনিয়াই তেওঁৰ ভিডিঅ’ত মেক ডি, কে এফ চি, ডমিনো আদি বহুজাতিক কোম্পানীৰ বিজ্ঞাপন প্ৰচাৰ কৰি তাৰ পৰাও বিপুল পৰিমাণৰ ধন আদায় লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ