উত্তৰ প্ৰদেশত অতি বৰ্বৰ এক কাণ্ড সংঘটিত হৈছে৷ শিক্ষকৰ প্ৰহাৰত এটি ১৩ বছৰীয়া ছাত্ৰৰ কৰুণ মৃত্যু ঘটিছে৷
ঘটনাটো উত্তৰ প্ৰদেশৰ শ্ৰীৱস্তী জিলাত৷ ঘটনাৰ বিৱৰণীৰ মতে যোৱা ৮ আগষ্টত দলিত ছাত্ৰগৰাকীয়ে ২৫০ টকা বিদ্যালয়ৰ মাহিলি মাচুল নিদিয়াৰ বাবে উচ্চ বৰ্ণৰ শিক্ষকে প্ৰহাৰ কৰে৷ শিক্ষকৰ প্ৰহাৰত অতি গুৰুতৰভাৱে আহত ছাত্ৰগৰাকীক বাহৰাইচ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চিকিৎসালয়তে ৯ দিনৰ চিকিৎসাৰ অন্তত যোৱা ১৭ আগষ্টত আহত ছাত্ৰগৰাকীয়ে কৰুণভাৱে মৃত্যুক আকোৱালি লয়৷
চিকিৎসকে প্ৰকাশ কৰা মতে ছাত্ৰগৰাকী শিক্ষকে মৰিয়াই মৰিয়াই আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আভ্যন্তৰীণ ৰক্তক্ষৰণ হয়৷ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবেই দলিত শিক্ষাৰ্থীগৰাকীৰ মৃত্যু হয়৷
লগতে পঢ়ক বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল
ইফালে নিহত ছাত্ৰগৰাকীৰ ভাতৃ ৰাজেশ বিশ্বকৰ্মাই সংবাদিকৰ আগত প্ৰকাশ কৰা মতে ২৫০ টকাৰ মাহিলি স্কুল মাচুল নিদিয়াৰ অভিযোগ কৰি ছাত্ৰগৰাকীক শিক্ষকে প্ৰহাৰ কৰিছিল।
‘‘মই অনলাইনত পৰিশোধ কৰিছিলো যদিও শিক্ষকজনে গম নাপালে আৰু মোৰ ভাতৃক নৃশংসভাৱে প্ৰহাৰ কৰে।’’ স্থানীয় চিৰসিয়া আৰক্ষী থানাত দাখিল কৰা এজাহাৰত ভাতৃয়ে এইদৰে উল্লেখ কৰিছে৷
এই বৰ্বৰ ঘটনাটোত চূড়ান্ত বৰ্ণ বৈষম্যমূলক গোন্ধ পোৱা বুলি উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে৷ নিহত ছাত্ৰগৰাকীৰ পৰিয়ালে দাবী কৰিছে যে শিক্ষকজন উচ্চ বৰ্ণৰ হোৱাৰ বিপৰীতে শিক্ষাৰ্থীগৰাকী দলিত হোৱাৰ বাবেই বৰ্বৰভাৱে প্ৰহাৰ কৰা হৈছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি সদৰী কৰিছে৷ শ্ৰৱস্তীৰ আৰক্ষী অধীক্ষক অৰবিন্দ কে মৌৰ্যই জনোৱা মতে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে।
উল্লেখ্য যে যোৱা এটা সপ্তাহত দেশত উচ্চ বৰ্ণ শিক্ষকৰ প্ৰহাৰত নিম্ন বৰ্ণ শিক্ষাৰ্থী নিহত হোৱা এইটো দ্বিতীয়টো ঘটনা৷ যোৱা সপ্তাহত ৰাজস্থানৰ এখন স্কুলৰ উচ্চ বৰ্ণৰ শিক্ষকে খোৱাপানীৰ পাত্ৰত স্পৰ্শ কৰাৰ বাবে এগৰাকী ৯ বছৰীয়া দলিত ছাত্ৰ বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















