এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ এগৰাকী কণিষ্ঠ চিকিৎসকে আত্মহত্যা কৰিছে৷ আত্মহত্যা কৰা প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকী ডাঃ প্ৰবীণ আন্নাদাতা বুলি জানিব পৰা গৈছে৷
চিকিৎসকগৰাকী কইম্বাটুৰ মেডিকেল কলেজ এণ্ড হস্পিতালত পিজি নিউৰ’মেডিচিন পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল৷ জানিব পৰা মতে কইম্বাটুৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ (চিএমচি) প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীয়ে মেডিকেল কাউন্সিলত পঞ্জীয়ন কৰিবলৈ তেওঁ অধ্যয়ন কৰা জামছেদপুৰ মহাবিদ্যালয়ৰ পৰা এন অ’ চি লাভ কৰিব নোৱাৰাৰ বাবে হতাশাত ভুগি আত্মহত্যা কৰে৷
লগতে পঢ়ক আকৌ দলিত ছাত্ৰক হত্যা উচ্চ বৰ্ণৰ শিক্ষকৰ, ২৫০ টকা মাচুলৰ বাবে ১৩ বছৰীয়া ছাত্ৰক মৰিয়াই হত্যা
যোৱা এবছৰ ধৰি জামছেদপুৰ মহাবিদ্যালয়ে শিক্ষাৰ্থীগৰাকীক এন অ’ চি জমা দিয়া নাছিল, যাৰ বাবে ডাঃ প্ৰবীণ আন্নাদাতা হতাশাত ভুগি আহিছিল।
উল্লেখ্য যে যোৱা ৬ আগষ্টৰ পৰা মহাবিদ্যালয়খনত উপস্থিত নোহোৱাৰ পিছতে চিএমচিৰ পৰা প্ৰবীণৰ পিতৃলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয়। ইয়াৰ আধাৰত প্ৰবীণৰ পিতৃ বিশ্বেশ্বৰ ৰাৱে প্ৰবীণক একাধিকবাৰ মোবাইলযোগে ফোন কৰিছিল যদিও যোগাযোগ কৰাত ব্যৰ্থ হয়।
ইয়াৰ পাছতে কইম্বাটুৰৰ এখন লজত কীটনাশক সেৱন কৰি আত্মহত্যা কৰা প্ৰবীণ মৃতদেহ উদ্ধাৰ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ