আকৌ উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী পুনৰ সংবাদ মাধ্যমত চৰ্চালৈ আহিছে৷ জিলাখনত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা নিজ প্ৰেমিকৰে যৌনাংগ কাটিলে কিশোৰীগৰাকীৰ মাতৃয়ে৷
ঘটনাৰ বিৱৰণীৰ মতে যোৱা বুধবাৰ ১৭ আগষ্টত জিলাখনৰ খেৰীৰ মহেৱাগঞ্জত এগৰাকী মহিলাৰ প্ৰেমিকে তেওঁৰ ১৪ বছৰীয়া কন্যাক ধৰ্ষণৰ চেষ্টা কৰিছিল৷
৩২ বছৰীয়া প্ৰেমিকৰ যৌনাংগ কাটি পেলোৱাৰ পিছত ৩৬ বছৰীয়া মহিলাগৰাকী নিজেই আৰক্ষীৰ থানাত উপস্থিত হয়৷ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত প্ৰেমিকৰ বিৰুদ্ধে ৩৭৬ ধাৰা আৰু POCSO আইন অনুসৰি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে অভিযুক্ত যুৱকজন বৰ্তমান লক্ষ্ণৌৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷
লগতে পঢ়ক শিক্ষানুষ্ঠানৰ এন অ’ চি প্ৰদানত বিলম্ব! হতাশাগ্ৰস্ত কণিষ্ঠ চিকিৎসকৰ আত্মহত্যা
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে অভিযুক্ত ৩২ বছৰীয়া যুৱকগৰাকী মহিলাগৰাকীৰ প্ৰেমিক আছিল৷ যোৱা দুবছৰ দিন দুয়ো লিভ-ইনত বাস কৰি আহিছিল৷ স্বামী সুৰাপানত আসক্ত বাবে মহিলাগৰাকীয়ে স্বামীক ত্যাগ কৰে৷ আৰু ইয়াৰ পিছতে উক্ত যুৱকগৰাকীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে৷
ঘটনাৰ দিনা মহিলাগৰাকীয়ে পথাৰৰ পৰা হঠাতে ঘৰলৈ আহি দেখে যে তেওঁৰ প্ৰেমিকে কন্যাক ধৰ্ষণৰ চেষ্টা কৰি আছে৷ মহিলাগৰাকীয়ে হাতে লোটে প্ৰেমিকক সেই অৱস্থাত ধৰা পেলোৱাৰ পিছতে বাধা দিবলৈ চেষ্টা কৰে৷ প্ৰায় ৪০ মিনিট সময়ত কন্যাক প্ৰেমিকৰ ধৰ্ষণৰ পৰা ৰক্ষা কৰিবলৈ যুঁজ-বাগৰ কৰাৰ পিছতো কন্যাক ৰক্ষা কৰিবলৈ নোৱাৰি মহিলাগৰাকীয়ে এপাকত পাকঘৰৰ পৰা এখন কটাৰী আনি অভিযুক্তৰ যৌনাংগ কাটি পেলায়৷
ইয়াৰ পাছতে মহিলাগৰাকীয়ে কয় যে, ‘‘তেওঁৰ যৌনাংগ কাটি দিয়াৰ বাবে মোৰ কোনো আক্ষেপ নাই। মই তেতিয়াই তেওঁক হত্যা কৰিহ পাৰিলোহেঁতেন। দুখীয়ে শাস্তি পাব লাগে। এতিয়া সি কাকো ধৰ্ষণ কৰিব নোৱাৰিব।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ