উত্তৰ প্ৰদেশৰ বিজনোৰৰ বিজেপিৰ প্ৰাক্তন সাংসদ কোঁৱৰ ভাৰততেন্দ্ৰ সিঙে আৰক্ষীৰ এজাহাৰ দাখিল কৰি অভিযোগ কৰিছে যে এগৰাকী ‘অচিনাকি মহিলা’ই তেওঁক হানিট্ৰেপিঙেৰে ‘ব্লেকমেইল’ কৰিবলৈ চেষ্টা কৰিছিল।
প্ৰাক্তন সাংসদগৰাকীয়ে দাবী কৰা মতে এগৰাকী মহিলাই তেওঁলৈ আপত্তিজনক অৱস্থাত ভিডিঅ’ কল কৰি যৌন সম্পৰ্ক স্থাপনৰ বাবে প্ৰলোভিত কৰিছিল৷
সংবাদ সংস্থা আইএএনএছৰ মতে, বিজেপিৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে তেওঁলৈ এটা অজ্ঞাত নম্বৰৰ পৰা কেইবাটাও ভিডিঅ’ কল আহে। বহুবাৰ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ পিছতো মহিলাগৰাকীয়ে বাৰে বাৰে ফোন কৰি থাকিল৷ পিছত হোৱাটছএপত এটা মেছেজ আহে৷ এগৰাকী মহিলাই মেচেজত নিজৰ এটা ভুৱা পৰিচয় দি কলটো ৰিভিচ কৰিবলৈ অনুৰোধ কৰে।
লগতে পঢ়ক কিশোৰী কন্যাক ধৰ্ষণৰ চেষ্টা প্ৰেমিকৰ, কন্যাক বচাবলৈ মাতৃয়ে কাটিলে প্ৰেমিকৰ যৌনাংগ
ইয়াৰ পিছতে প্ৰাক্তন সাংসদগৰাকীয়ে ভিডিঅ’ কলটো ৰিচিভ কৰে আৰু তেতিয়া মহিলাগৰাকীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহ্বান জনায়। সাংসদগৰাকীয়ে কলটো বিচ্ছিন্ন কৰি দিয়ে যদিও মহিলাগৰাকীয়ে পুনৰ কে’বাবাৰো কল কৰে৷ প্ৰাক্তন সাংসদগৰাকীয়ে ফোনটো ৰিচিভ নকৰাত সাংসদগৰাকীৰ এডিট কৰা কিছুমান আপত্তিজনক ফ’টো প্ৰেৰণ কৰে৷
ইয়াৰ পিছতে মহিলাগৰাকীয়ে ফ’টোসমূহ ভাইৰেল কৰাৰ ভাবুকি দি প্ৰাক্তন সাংসদগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। বিজনোৰৰ আৰক্ষী অধীক্ষক দীনেশ সিঙে জনোৱা মতে, কোঁৱৰ ভাৰতেন্দ্ৰ সিঙৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আই টি আইনৰ ৬৭ (অশ্লীল সামগ্ৰী প্ৰেৰণ কৰা) আৰু আই পি চিৰ ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাত গোচৰ ৰুজু কৰিছে।
‘‘তদন্ত চলি আছে আৰু আমি অভিযুক্ত মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিছো। আমি ৰাইজলৈ আহ্বান জনাইছো যে তেওঁলোকে যাতে কোনো অজ্ঞাত ভিডিঅ’ কল ৰিচিভ নকৰে।’’ আৰক্ষী অধীক্ষক দীনেশ সিঙে সংবাদ মাধ্যমৰ আগত কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ