এগৰাকী ১১ বছৰীয়া কিশোৰীক তিনি যুৱকেৰে দলবদ্ধ ধৰ্ষণ কৰোৱাই সেই দৃশ্য উপভোগ কৰিলে এগৰাকী যুৱতীয়ে। এই জঘন্য ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ বীৰা অঞ্চলত৷
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৬ আগষ্ট মংগলবাৰে সন্ধিয়া ৭ বজাত ভুক্তভোগী কিশোৰীগৰাকীয়ে মোবাইল মেৰামতি কৰোৱাৰ বাবে ঘৰৰ ওচৰৰে এখন দোকানলৈ গৈছিল৷ তাতে ২১ অভিযুক্ত যুৱতীগৰাকীক লগ পাই, যিগৰাকী তাইৰ সৈতে ঘণিষ্ঠ সম্পৰ্কই আছিল৷
যুৱতীগৰাকীয়ে কিশোৰীগৰাকীক কথা পাতি থকাৰ চলেৰে ঘটনাটো সংঘটিত ঠাইলৈ কৌশলেৰে নি বন্দী কৰি ৰাখে৷ ইয়াৰ পাছতে যুৱতীগৰাকীয়ে তেওঁৰ তিনি বন্ধুক উক্ত স্থানলৈ ফোনযোগে মাতি পঠিয়ায়৷ গভীৰ নিশা যুৱতীগৰাকীৰ তিনি বন্ধুৱে আহি উক্ত স্থানত উপস্থিত হয়৷
লগতে পঢ়ক ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?
যুৱককেইজন উক্ত স্থানত উপস্থিত হোৱাৰ পিছতে যুৱতীগৰাকীয়ে কিশোৰীগৰাকীক তিনি যুৱকেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ হেঁচা প্ৰয়োগ কৰি ভাবুকি প্ৰদান কৰে৷ ইয়াৰ পাছতে যুৱতীগৰাকীৰ বন্ধুকেইজনে কিশোৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰে৷ আৰু যুৱতীগৰাকীয়ে সেই দৃশ্য উপভোগ কৰে৷
বুধবাৰে পুৱাই অভিযুক্ত যুৱতীগৰাকীয়ে কিশোৰীগৰাকীক ঘৰত থৈ যায়৷ ঘৰত উপস্থিত হোৱাৰ লগে লগে কিশোৰীগৰাকীয়ে মাতৃৰ আগত সমস্ত ঘটনা বিৱৰি কয়৷
কন্যাৰ মুখেৰে এই কথা শুনাৰ লগে লগে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে বীৰা আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰে৷ অভিযোগ লাভ কৰিয়ে আৰক্ষীয়ে অভিযান আৰম্ভ কৰি ছঘণ্টাৰ ভিতৰত অভিযুক্ত যুৱতীগৰাকীসহ অন্য দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷
ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত যুৱকত্ৰয়ৰ এজন কলেজীয়া ছাত্ৰ, এজন পাচলি বিক্ৰেতা আৰু অন্যজন ড্ৰাগছৰ ব্যৱসায়ত জড়িত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ