অসম লাইভ ২৪ঃ ৬৮ বছৰীয়া হ’ল বলীউডৰ এভাৰগ্ৰীণ অভিনেত্ৰী ৰেখা৷ ৬৮ বছৰীয়া ৰেখাৰ সুন্দৰ দেহবল্লভ তথা চেহেৰাৰ ওচৰত ম্লান পৰে বৰ্তমানৰ বহু অভিনেত্ৰীয়েই৷ সৌন্দৰ্য, গ্লেমাৰ, শৰীৰি হিল্লোল, আৱেদনময়ী চাৱনিয়ে আজিও কোটি কোটি পুৰুষৰ হৃদয় জয় কৰে৷ আজিও বহু পুুৰুষৰ সপোনত ৰেখাই বিচৰণ কৰে৷ মোহময়ী ৰেখাৰ জীৱন চেহেৰাৰ দৰেই সুন্দৰনে?
ৰেখাৰ জীৱন ভৱাৰ দৰেই সুন্দৰ নহয়৷ ‘প্ৰেম থাকিও প্ৰকাশ্যে দেখুৱাব নোৱাৰাৰ বেদনা কিমান মোৰ বাদে কোনে জানে?’ কপিল শৰ্মাৰ কমেডি শ্ব’ত হাঁহি হাঁহি ৰেখাই কোৱা এই বাক্যশাৰীয়েই নিশ্চয়কৈ বুজাই দিয়ে ৰেখাৰ জীৱনৰ বহু কথা৷
৯০-ৰ দশকত চৰ্চাত থকা এটি প্ৰেমিক যুঁটি আছিল ৰেখা-অমিতাভ৷ ৰেখা-অমিতাভে কাহানিও প্ৰেমৰ কথা ৰাজহুৱা কৰা নাছিল যদিও সকলোৰে মুখে মুখে আছিল দুয়োৰে নাম৷ অবৈধ প্ৰেমিকা হৈয়েই ৰৈ যোৱা ৰেখাই কাহানিও অমিতাভৰ পৰা নাপালে সেই সন্মান৷ এবাৰ এই কথাৰেই বিস্ফোৰণ ঘটাইছিল ৰেখাই৷ অমিতাভৰ সৈতে গোপন অভিসাৰৰ কথা এক সাক্ষাৎকাৰত নিজেই প্ৰকাশ কৰিছিল ৰেখাই৷ যি কথা আজিও নেটিজেনৰ মাজত এটা হট টপিক৷
উল্লেখ্য যে ৰেখাই বিগবী অমিতাভক লৈ কৰা মন্তব্যই দেশৰ সংবাদমহলত চৰ্চা লাভ কৰাৰ পিছৰে পৰা ৰেখা-অমিতাভক ৰাজহুৱা মঞ্চত একেলগে অংশগ্ৰহণ কৰা দেখা নাযায়৷ এসময়ত খুবছুৰত, ইজাজাত, ঝুটি, ছিলছিলা, উৎসৱ, বিজেতা, কলিযুগ, জুৱেইদা, আদি ছবিৰে দেশবাসীম মনত আলোড়ন তোলা বলীউডৰ এভাৰগ্ৰীণ নায়িকা ৰেখাৰ ওপজা দিনত ৰেখাৰ অনুৰাগীমহলে নেট দুনীয়াত ভাইৰেল কৰিছে এটাই কথা,‘Age is just a number.’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ