অসম লাইভ২৪ঃ চকুৱেই হৈছে শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ অংগ। চকুৰ ওপৰতেই যাৱতীয় চাপ। কাৰ্যালয়ত দীৰ্ঘ সময় ধৰি কম্পিউটাৰত কাম কৰি থকা, ঘনে ঘনে অনলাইন মিটিং কৰা, মোবাইলত বহুসময় ধৰি ব্যস্ত হৈ থকা আদিয়ে চকুৰ ওপৰত অত্যাধিক চাপ পেলাই। শৰীৰ সুস্থ ৰাখিবলৈ চিকিৎসকে যেনেধৰণে শৰীৰচৰ্চা কৰিবলৈ উপদেশ দিয়ে তেনেধৰণে চকুৰো যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে। চকুৰ পৰিচৰ্যা আমি প্ৰায়সংখ্যক লোকেই নকৰো। কামৰ মাজে মাজে চকুক বিশ্ৰাম দিয়াৰ প্ৰয়োজনীয়তা থাকে। মাজে মাজে চকুত পৰিষ্কাৰ ঠাণ্ডা পানী দিয়াৰ প্ৰয়োজনীয়তা থাকে। তেনেদৰে পৰিষ্কাৰ পানীৰে চকু ধুলে দৃষ্টিশক্তি ভাল হয়। চকুৰ বিষ, অনবৰতে পানী ওলাই থকা আদি সমস্যা আঁতৰাবলৈ ঘৰুৱাভাৱেই কিছু উপায় অৱলম্বন কৰিব পাৰি।
হাতৰ তলুৱা দুয়োখন প্ৰায় ১০-১৫ মিনিট সময় মোহাৰি থাকিলে গৰম হৈ পৰে। গৰম হৈ পৰা দুয়োখন হাত চকু বন্ধ কৰি অকণসময় চকুকেইটাৰ ওপৰত দি ৰাখিলে চকুৱে আৰাম পায়। এনেদৰে হাতৰ তলুৱা চকুৰ ওপৰত দিওতে চাপ প্ৰয়োগ কৰিব নালাগে। কেৱল তাপহে অনুভূত হোৱাকৈ হাতখন ৰাখিব লাগে। দিনত অন্তত ৩-৪ বাৰ এনেদৰে ৰাখিলে চকুৱে আৰাম পায়।
২০-২০-২০ এই নিয়ম মানি চলক? কিন্তু এই ২০-২০-২০ মানে কি? ২০ মিনিট সময় মোবাইল বা কম্পিউটাৰৰ স্ক্ৰিণ চাই থকাৰ পিছত ২০ ছেকেণ্ড সময় দূৰলৈ চাব লাগে। এই নিয়ম মানি চলিলে চকুৱে অত্যাধিক চাপ সহিব নালাগে।
ঘনে ঘনে চকুৰ পতা জপাই থাকিলেও চকুৱে আৰাম পায়। প্ৰতি ৩-৪ ছেকেণ্ডৰ পিছে পিছে চকুৰ পতা জপাই থাকিলে চকুৱে আৰাম লাভ কৰে। বিশেষকৈ কম্পিউটাৰত কাম কৰি থকা ব্যক্তিয়ে এই ব্যায়াম কৰাটো দৰকাৰ।
চকুৰ মনি ঘূৰাই থকাৰ অভ্যাস গঢ়ি তুলিলেও চকুৱে আৰাম পায়। চকুৰ মনি ঘূৰাব পৰাটো চকুৰ সৰ্বোত্তম ব্যায়াম। ঘড়ীৰ কাটাৰ দিশে এবাৰ আৰু বিপৰীত দিশত ৪বাৰ চকুৰ মণি ঘূৰোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। এনেদৰে ঘূৰোৱাৰ পিছত ২-৩ ছেকেণ্ড চকু বন্ধ কৰি ৰাখিব লাগে। এই ব্যায়ামে চকুৰ পেশীক ভালে ৰখাত সহায় কৰে। দৃষ্টিশক্তিৰ ক্ষতি হোৱাৰ পৰাও চকুযুৰিক ৰক্ষা কৰে এই ব্যায়ামে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ