অসম লাইভ২৪ঃ হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰিলে কংগ্ৰেছ দলে। ৬৮ খন আসনৰ ৪০ খন আসনেই লাভ কৰিছে কংগ্ৰেছ দলে। ইয়াৰ বিপৰীতে হিমাচলত বিজেপিয়ে লাভ কৰিছে মাত্ৰ ২৫ খন আসন। এই জয়ৰ পাছতেই হিমাচলবাসীক আন্তৰিক ধন্যবাদ জনাইছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। টুইটযোগে হিমাচলবাসীক শুভেচ্ছা জনাইছে ৰাহুল গান্ধীয়েও।
ৰাহুলে টুইটযোগে শুভেচ্ছা জনাই লিখিছে, ‘হিমাচল প্ৰদেশৰ মানুহক ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো। কংগ্ৰেছ কৰ্মীসকলকো ইয়াৰ বাবে শুভেচ্ছা জনাইছো। আপোনালোকৰ পৰিশ্ৰম অবিহনে এই জয় সম্ভৱ নহল হেতেন। মই নিশ্চিতভাৱে জনাইছো, জনগণক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতিয়েই মই ৰখাৰ চেষ্টা কৰিম। যিমানদূৰ সম্ভৱ হয় প্ৰতিটো প্ৰতিশ্ৰুতিয়েই পূৰণৰ চেষ্টা কৰিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















