অসম লাইভ২৪ঃ মধ্য প্ৰদেশৰ এজন প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছী নেতাই কৰিছে বিস্ফোৰক মন্তব্য। ৰাজা পাটেৰীয়া নামৰ কংগ্ৰেছ নেতাগৰাকীয়ে কংগ্ৰেছ কৰ্মীসকলক প্ৰধানমন্ত্ৰী মোদীক হত্যা কৰিবলৈ সাজু হ’বলৈ আহ্বান জনাইছে। কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘যদি সংবিধান ৰক্ষা কৰিবলগা হয় তেন্তে মোদীক হত্যা কৰিব লাগিব।’ প্ৰাক্তন মন্ত্ৰী ৰাজা পাটেৰিয়াৰ বিতৰ্কিত মন্তব্যক লৈ দেশজুৰি আৰম্ভ হৈছে চৰ্চা।
মধ্যপ্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কংগ্ৰেছ নেতাগৰাকীক জনসাধাৰণক প্ৰৰোচিত নকৰিবলৈ সঁকিয়াই দি কয়, ‘প্ৰধানমন্ত্ৰীক হত্যা কৰিবলৈ ৰাজহুৱা আৰু কংগ্ৰেছ কৰ্মীসকলক ৰাজা পাটেৰিয়াই প্ৰৰোচিত কৰাটো অতি গুৰুতৰ আৰু নিন্দনীয়। শেহতীয়াকৈ মধ্য প্ৰদেশত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’তেই এই ষড়যন্ত্ৰ আৰম্ভ হৈছিল। ইয়াৰ তদন্ত কৰা উচিত।’
আমি সংবিধান ৰক্ষা কৰিব লাগিব
প্ৰাক্তন মন্ত্ৰী ৰাজা পাটেৰিয়াই মধ্যপ্ৰদেশৰ পান্নাৰ পোৱাইত কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰি কয় যে যদি দেশৰ সংবিধান ৰক্ষা কৰিব লগা হয় আৰু জনজাতীয় লোকসকলক সুৰক্ষিত কৰিব লগা হয়, তেন্তে মোডীক হত্যা কৰিবলৈ সাজু হ’বৰ হ’ল। আমাৰ দেশৰ ৰাজনীতিত সম্প্ৰীতি-ভাতৃত্ববোধ এতিয়া দূৰৈৰ কথা। এতিয়া ৰাজনীতিৰ প্ৰতিশোধৰ অভিব্যক্তি মুকলিকৈ প্ৰকাশ হ’বলৈ আৰম্ভ হৈছে।
মধ্যপ্ৰদেশত আৰম্ভ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ৰাজনীতি
ৰাজা পাটেৰিয়াৰ এই মন্তব্যৰ ওপৰত প্ৰতি-আক্ৰমণৰ ৰাজনীতি আৰম্ভ হৈছে। মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰাজা পাটেৰিয়াৰ প্ৰধানমন্ত্ৰী মোডী সম্পৰ্কে দিয়া মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘এয়া মহাত্মা গান্ধীৰ কংগ্ৰেছ নহয়, ইটালীৰ কংগ্ৰেছ আৰু ইটালীৰ মানসিকতা মুছলিনিৰ দৰেই আছে। স্বৰা ভাস্কৰ, কানহাইয়া কুমাৰ, সুশান্তে কংগ্ৰেছৰ যাত্ৰাত যিদৰে খোজ কাঢ়ি আছে তাৰ পৰাও এইটো স্পষ্ট।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ