অসম লাইভ২৪ঃ
আধাৰ কাৰ্ড সকলোৰে বাবে গুৰুত্বপূৰ্ণ এক নথি। আধাৰ নম্বৰ অবিহনে বেংক বা পাছপৰ্ট একো কামেই কৰিব নোৱাৰি। UIDAI য়ে জনাইছে যে যদি কোনোবাই আধাৰ আপডেট কৰাৰ বাবে আপোনাৰ পৰা কোনো ধৰণৰ চাৰ্জ বা ধন বিচাৰে তেন্তে ইয়াৰ বাবেও এটা নম্বৰ জাৰি কৰা হৈছে।
UIDAIইয়ে টুইট যোগে দিয়া নটিছ অনুসৰি, যদি কোনো এজেন্সী বা যিকোনো আধাৰ কাৰ্ড বনোৱা চেণ্টাৰত আপডেটৰ বাবে চাৰ্জ বিচাৰে তেন্তে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই কামৰ বাবে মাত্ৰ ১৯৪৭ নম্বৰত ফোন কৰিলেই আধাৰ কাৰ্ড বনোৱা এজেন্সিৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা। আয়কৰ বিভাগেও এই সন্দৰ্ভত টুইটত উল্লেখ কৰামতে, আয়কৰ আইন, ১৯৬১ অনুসৰি পানকাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰাৰ শেষ তাৰিখ, ৰেহাই শ্ৰেণীৰ অন্তৰ্গত নথকা সকলো পানকাৰ্ডধাৰীৰ বাবে আধাৰ লিংকৰ সময়সীমা ৩১.৩ .২০২৩ বৃদ্ধি কৰা হৈছে। যদিহে পানকাৰ্ড আধাৰৰ লগত সংযুক্ত নহয় তেন্তে পানকাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰিব।
CBDTয়ে জাৰি কৰিলে সতৰ্কবাণী
পানকাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰাৰ তাৰিখ ইতিমধ্যে কেইবাবাৰো বৃদ্ধি কৰা হৈছে। অচিৰেই আধাৰৰ সৈতে পানকাৰ্ড লিংক নকৰিলে আৰু সময় হয়তো বঢ়াই দিয়া নহ’ব।এই সন্দৰ্ভত CBDTয়েও কেইবাবাৰো সতৰ্কতা জাৰি কৰিছে।
সময় পাৰ হ’লে পেনাল্টিৰেও লিংক কৰিব নোৱাৰিব
CBDTয়ে জাৰী কৰা নিৰ্দেশনাত কোৱ হৈছে যে, আধাৰ পানৰ সৈতে লিংক নকৰিলে পেনাল্টি হিচাপে ১০০০ টকা জৰিমনা ভৰিব লাগিব। সময়সীমা বেছি পাৰ হ’লে পেনাল্টিৰেও লিংক কৰা সম্ভৱ নহ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ