অসম লাইভ২৪ঃ ছচিয়েল মিডিয়াত নেতিবাচক মন্তব্য কৰাৰ বাবেই বাৰে বাৰে কটাক্ষৰ স্বীকাৰ হয় কংগনা ৰানাৱট৷ বিতৰ্কিত মন্তব্য কৰাৰ বাবেই অভিনেত্ৰী কংগনা ৰানাৱটৰ টুইটাৰ একাউণ্টেই সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছিল টুইটাৰে৷ কিছুদিন পূৰ্বে টুইটাৰ একাউণ্ট ঘূৰাই পাইছে কংগনাই৷ টুইটাৰ একাউণ্ট উভতাই পায়েই পাঠানক লৈ শ্বাহৰুখক কটাক্ষ কৰি পোষ্ট শ্বেয়াৰ কৰিছিল কংগনাই৷
কিন্তু শেহতীয়াভাৱে কংগনাই শ্বেয়াৰ কৰিছে এটা ইতিবাচক পোষ্ট৷ পোষ্টটো দেখা মাত্ৰকেই নেটিজেনে কৈছে কংগনাই কেতিয়াৰে পৰা যোগাত্মক চিন্তা কৰিবলৈ ল’লে? পোষ্টটোত কংগনাই সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানীৰ প্ৰেমক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে৷ বলীউডত সিদ্ধাৰ্থ-কিয়াৰাৰ যুঁটিটো পাৰফেক্ট বুলিও কৈছে কংগনাই৷ তেওঁলোকৰ প্ৰশংসা কৰিবলৈ গৈ কংগনাই এটা বিশেষ ভিডিঅ’ তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰিছে৷ ইয়াৰ লগতে কংগনাই লিখিছে, ‘কি সুন্দৰ যুঁটি৷ বলীউড ইণ্ডাষ্ট্ৰীত সঁচাকৈয়ে এনে ভালপোৱা খুব কমেই দেখা যায়৷’
ভাইৰেল খবৰ অনুসৰি আজিৰে পৰাই আৰম্ভ হৈছে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিবাহৰ অনুষ্ঠান৷ ৬ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব বলীউডৰ এই জনপ্ৰিয় যুঁটিটো৷ বৰ্তমানো এই খবৰক লৈ কোনো স্পষ্টীকৰণ দিয়া নাই কিয়াৰা-সিদ্ধাৰ্থই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ