অসম লাইভ২৪ঃ এখনৰ পাছত আনখন প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ৷ ৰাজ্যৰ বিভিন্নপ্ৰান্তত দল সংগঠনৰ প্ৰতিবাদ৷ শিক্ষা বিভাগৰ এই বেমেজালিক লৈ দলসংগঠনে কৰিছে প্ৰশ্ন, ‘বৰ্তমান অসমত শিক্ষা বিভাগটো কোনে চলাই আছে? মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুৱে।’
উল্লেখ্য যে আৰক্ষীয়ে প্ৰশ্ন কাকত ফাদিল হোৱাৰ তদন্ত কৰাৰ পাছত মুখ্যমন্ত্ৰীয়েহে ছেৱাক নিৰ্দেশ দিছিল পৰীক্ষা বাতিল কৰিবলৈ।কিন্তু নিয়ম অনুসৰি শিক্ষা মন্ত্ৰীয়েহে পৰীক্ষা বাতিল কৰিব লগীয়া হৈছে সেই কথা স্পষ্ট কৰিব লাগিছিল। শিক্ষামন্ত্ৰীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে পৰীক্ষা বাতিলৰ বিষয়ে জনোৱাটোক লৈ সচেতন মহলে উত্থাপিত কৰিছে প্ৰশ্ন৷
প্ৰতিবাদকাৰীয়ে ক্ষোভ উজাৰি কয়, ‘শিক্ষা মন্ত্ৰী থকাৰ পাছতো মুখ্যমন্ত্ৰীয়েহে শিক্ষা বিভাগটো চলাই আছে। ছেৱাৰ প্ৰধান সচিব ৰমেশ চন্দ্ৰ জৈন এজন দুৰ্নীতিগ্ৰস্ত বিষয়া। ২০১৬ চনৰ পৰা দুৰ্নীতিগ্ৰস্ত বিষয়া ৰমেশ চন্দ্ৰ জৈন কাৰ পৃষ্ঠপোষকতাত ছেৱাত বৰ্তি থাকিব পাৰিছে। দুৰ্নীতি আৰু কেলেংকাৰীত জড়িত ৰমেশ চন্দ্ৰ জৈনৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো তেওঁ কেনেকৈ বৰ্তমানো ছেৱাৰ প্ৰধান সচিব হৈ আছে? বৰ্তমান শিক্ষা বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ শিক্ষামন্ত্ৰী গৰাকীয়ে আৰক্ষীৰ প্ৰশংসা কৰি থকা হে দেখিবলৈ পোৱা গৈছে। শিক্ষা বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ গৈ তেওঁ পাহৰি গল যে তেওঁ শিক্ষা মন্ত্ৰীহে, গৃহ মন্ত্ৰী নহয়। গৃহ বিভাগক মুখ্যমন্ত্ৰীয়ে চম্ভালিব। ৰমেশ চন্দ্ৰ জৈন ছেৱাৰ সচিব হোৱাৰ পাছৰে পৰা ছেৱাৰ পয়ালগা অৱস্থা হৈছে। ৰমেশ চন্দ্ৰ জৈন থকালৈকে শিক্ষা বিভাগ আৰু ছেৱাৰ কোনো উন্নতি নহয়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ