• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিশেষ গলবস্ত্ৰখন বহু বিশিষ্ট লোকেই পিন্ধিছিল কিন্তু টাৰ্গেট মোক কিয় কৰা হ’ল?’ সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দাঙি ধৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে

‘বিশেষ গলবস্ত্ৰখন বহু বিশিষ্ট লোকেই পিন্ধিছিল কিন্তু টাৰ্গেট মোক কিয় কৰা হ’ল?’ সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দাঙি ধৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে

3 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

13 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

13 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

14 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

15 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

16 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

16 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

17 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

17 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

18 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

19 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

20 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘বিশেষ গলবস্ত্ৰখন বহু বিশিষ্ট লোকেই পিন্ধিছিল কিন্তু টাৰ্গেট মোক কিয় কৰা হ’ল?’ সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দাঙি ধৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে

editor by editor
March 28, 2023
in অসম, বিবিধ
0
‘বিশেষ গলবস্ত্ৰখন বহু বিশিষ্ট লোকেই পিন্ধিছিল কিন্তু টাৰ্গেট মোক কিয় কৰা হ’ল?’ সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দাঙি ধৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে
0
SHARES
22.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গামোছাক লৈ ৰাজ্যত চলি থকা বিতৰ্কত সাঙোৰ খাই পৰিছিল বিশিষ্ট লেখিকা অনুৰাধা শর্মা পূজাৰীৰ নাম। অনুৰাধা শৰ্মা পূজাৰীয়েও এই গামোছাই সমম্বয় গঢ়িব বুলি কৰা মন্তব্যক লৈ জাঙোৰ খাই উঠিছিল বহুজন। শেহতীয়াভাৱে এই মন্তব্যক লৈ সামাজিক মাধ্যমযোগে স্পষ্টিকৰণ দাঙি ধৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। তেওঁ লিখিছে,

‘গামোছা বিতৰ্ক সম্পৰ্কত মোৰ স্পষ্টীকৰণ…
যোৱা ছাব্বিছ মাৰ্চৰ দিনা বাংলা সাহিত্য সভাই তেখেতসকলৰ অধিৱেশনত অন্যান্য বহু বিশিষ্ট ব্যক্তি আৰু জাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে মোকো নিমন্ত্ৰণ কৰি লৈ গৈ সম্ভাষন জনাইছিল আৰু আমাক সমন্বয়ৰ কথা কবলৈ সুযোগ দিছিল। সেই সভাতে সেই বিতৰ্কিত গামোছাখন মোকো পিন্ধাইছিল, যিখন আগদিনাৰে পৰা অসমৰ মাননীয় মন্ত্ৰী, বহু বিশিষ্ট ব্যক্তি, জনপ্ৰতিনিধি আৰু বহু জাতীয় সংগঠনৰ নেতাকো গলবস্ত্র ৰূপে পিন্ধাইছিল। এটা কথা স্বীকাৰ কৰিবই লাগিব যে তেখেতসকলৰ বিভিন্ন কাৰ্যসূচীৰ যোগেৰে সভাখনত সচাকৈয়ে এক সমন্বয়ৰ পৰিবেশ গঢ়ি উঠিছিল।

গতিকে তেনে এখন সভাৰ পৰা ওলাই আহোতেই যদি বৈদ্যুতিন মাধ্যমৰ লোকসকল সভাৰ অতিথি সকলৰ ওপৰত জপিয়াই পৰি আগগুৰি নোহোৱাকৈ কোনো এটা বিষয়ৰ ওপৰত প্ৰতিক্রিয়া বিচাৰে, তেতিয়া কোনো এজন ভদ্ৰ আৰু শালীনতাবোধ থকা ব্যক্তিয়েই বোধকৰো সেই সভাৰ উদ্যোক্তা সকলৰ যিকোনো কাৰ্য্যৰ ওপৰত নেতিবাচক মতামত দি গলবস্ত্রখন দলিয়াই দিব নোৱাৰে।

গতিকে, সেই সময়ৰ তাৎক্ষণিক প্ৰতিক্রিয়া হিচাবে মই কোৱা কথাখিনিত সেয়া তেখেতসকলৰ সমন্বয়ৰ প্ৰচেষ্টা বুলিয়েই ব্যক্ত কৰিলো।
কিন্তু পিছদিনা পুৱাৰ পৰা সামাজিক মাধ্যমত সেই বক্তব্যৰ বাবে তুমুল বিতৰ্কৰ সুচনা হোৱাৰ কাৰণে দুই এক বৈদ্যুতিন মাধ্যমৰ সংবাদদাতা আহি বিষয়টোৰ ওপৰত মোৰ স্পষ্টিকৰণ বিচৰাত মই বিস্তৃতভাবে মোৰ সবিশেষ মতামত ব্যক্ত কৰাৰ লগতে এই কথা স্পষ্টকৈ কলো যে, সমন্বয়ৰ প্ৰতীক বুলি বাংলা সাহিত্য সভাই ব্যৱহাৰ কৰা গামোছাখনে যিহেতুকে অসমীয়াৰ স্বাভিমানক আঘাট হানিছে আৰু বিতৰ্কৰ সুচনা কৰিছে তেন্তে তেখেতসকলে এই গামোছাখনৰ ব্যৱহাৰ , প্ৰচলন তথা পুনৰ সৃস্টি তত্কালেই বন্ধ কৰিব লাগে। কিন্তু লগতে এইটোও কৈছিলো যে, গামোছা চকীৰ ওপৰত পাৰি বহা, গামোছাৰ ব্লাউজ-চোলা-ৰিহা বনাই পিন্ধা আৰু ৰাষ্টাত গামোছা পাৰি চাণ্ডা তোলা কাৰ্য্যও অসমীয়া মানুহে বন্ধ কৰিব লাগে।

এই কথাখিনি সেইকেইটা বৈদ্যুতিন মাধ্যমে দিনতো সম্প্ৰচাৰ কৰি থাকিল, যাৰ বাবে মই সেই মাধ্যমকেইটাক আন্তৰিক ধন্যবাদ জনাইছো। বাকীবোৰ বৈদ্যুতিন মাধ্যমে কিন্তু বিশেষ এটা চেনেলৰ আগত ব্যক্ত কৰা মোৰ প্ৰথম প্ৰতিক্ৰিয়া খিনিকে লৈ দিনজোৰা প্ৰচাৰ চলাই থাকিল।লগে লগে তাৰ সমান্তৰাল কৈ সামাজিক মাধ্যমত মোৰ নামত অশালীন ভাষা প্ৰয়োগেৰে বিষোদ্গাৰো চলি থাকিল।

প্ৰথমতে ভাবিছিলো যে, মোক ভালপোৱা অসমৰ ৰাইজে মোৰ এই মন্তব্যত ক্ষুণ্ণ হৈ মোক সমালোচনা কৰিছে। কিন্তু আচলতে দেখা গল যে, এই সুযোগ লৈ বহুতেই মোৰ চৰিত্ৰহনন কৰাৰ লগতে মোক জনমানসত হেয় কৰিবলৈ উঠি পৰি লাগিল। আনকি অসমীয়া সাহিত্যৰ হকে দীৰ্ঘজীৱন পৰিশ্ৰম কৰি মই সৃস্টি কৰা গ্ৰন্থ সমুহো জ্বলাই দিয়াৰ ভাবুকি বহুতৰ পৰা আহিল। সেই সকলোবোৰৰে স্ক্রীনশ্বট্ মই সাঁচি ৰাখিছো।’

এই সকলোবোৰ দিশ বিবেচনা নকৰাকৈয়ে মোৰ পাঠক তথা দীৰ্ঘকালৰ পৰিচিত ব্যক্তিসমুহ আৰু অসমৰ ৰাইজৰ মোৰ প্ৰতি এই কঠোৰ ব্যৱহাৰে মোক মৰ্মাহত কৰিছে। সভাগৃহত দিয়া মোৰ তাত্ক্ষণিক আৰু অসম্পূৰ্ণ বক্তব্যৰ কাৰণে মই অত্যন্ত দুখপ্ৰকাশ কৰিছো আৰু ক্ৰুতি মাৰ্জনা বিচাৰিছো। কিন্তু, বাংলা সাহিত্য সভাত এই গামোছা পিন্ধা বাকী সকলো বিশিষ্ট ব্যক্তি আৰু অনুস্থানক কোনো অজ্ঞাত কাৰণত ৰেহাই দি মোকে একমাত্ৰ আক্রমণৰ লক্ষ্য হিচাবে বাচি লোৱাতহে আচৰিত হৈছো। কাৰণ, অসম আন্দোলনৰ আৰম্ভনিৰে পৰা আজিলৈকে সদায় জাতীয় স্বাৰ্থৰ হকেই কাম কৰি আহিছো আৰু কলমেৰে দায়িত্ব বহন কৰি আহিছো।

গতিকে, মোৰ হৈ ওকালতি কৰিবলৈ যিহেতু মোৰ কোনো লবী নাই আৰু দীৰ্ঘজীৱন সুখ্যাতিৰে সাংবাদিকতা কৰাৰ পাছতো সংবাদ মাধ্যমসমুহক মেনেজ কৰিব পৰা ক্ষমতাও মোৰ নাই, গতিকে মই সকলোকে পুনৰ আবেদন জনাইছো যে মোৰ সেই তাত্ক্ষণিক আৰু অসম্পূৰ্ণ মন্তব্যৰ বাবে সৃস্টি হোৱা অধ্যায়টোৰ যাতে সকলোৱে ইমানতে ওৰ পেলাই।

লগতে আৰু এটা কথা বিনম্ৰভাবে জনাইছো যে এই ঘটনাৰ পাছত আমাৰ অসম তথা অসমীয়া সমাজত ঘটি থকা আৰু স্বাভিমানত আঘাট কৰা তথা ধাৰ কৰা বিকৃত সংস্কৃতি সমুহৰ বিপক্ষে দীৰ্ঘদিন ধৰি যেনেকৈ সৰৱ হৈ আছিলো এতিয়াৰে পৰা সেই বিষয় সমুহতো বক্তব্য ৰখাৰ পৰা বিৰত থাকিম। ইয়াৰ লগে লগে ঘোষণা কৰিছো যে আগন্তুক সময়ত কিছুমান বিশেষ অনুস্থান আৰু ইতিমধ্যে সন্মতি প্ৰকাশ কৰা অনুস্থানৰ বাহিৰে আন যিকোনো ৰাজহুৱা মেল-মিটিং-অনুস্থানত ভাগ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
এই প্ৰসংগত এইখিনিয়েই মোৰ শেষ কবলগীয়া কথা।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
এখিনি সুমধুৰ সময়, এই আৱাসগৃহৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে, সেইবুলিয়েই মই চৰকাৰী নিৰ্দেশক অৱমাননা নকৰো, আৱাসগৃহ খালী কৰি দিমঃ ৰাহুল গান্ধী

এখিনি সুমধুৰ সময়, এই আৱাসগৃহৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে, সেইবুলিয়েই মই চৰকাৰী নিৰ্দেশক অৱমাননা নকৰো, আৱাসগৃহ খালী কৰি দিমঃ ৰাহুল গান্ধী

৪০ ঘণ্টা ধৰি একোৱেই কোৱা নাই সাৰচ পক্ষীটোৱে, মানুহ দেখিলেই বন্ধু আৰিফৰ বিচাৰি ব্যাকুল হৈ পৰিছে সাৰচ পক্ষীটো…

৪০ ঘণ্টা ধৰি একোৱেই কোৱা নাই সাৰচ পক্ষীটোৱে, মানুহ দেখিলেই বন্ধু আৰিফৰ বিচাৰি ব্যাকুল হৈ পৰিছে সাৰচ পক্ষীটো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.