অসম লাইভ২৪ঃ সমগ্ৰ বিশ্বতেই বৃহস্পতিবাৰে পালন কৰা হৈছে হনুমান জয়ন্তী। হনুমান জয়ন্তীৰ দিনটোতেই ভাইৰেল হৈছে সংগীতশিল্পী চনু নিগমৰ এটা বিশেষ সাক্ষাৎকাৰ। য’ত চনু নিগমে কৈছে যে হনুমান চালিছাইহে প্ৰাণ ৰক্ষা কৰিছিল তেওঁ আৰু তেওঁৰ পৰিয়ালৰ। এই ঘটনা ঘটিছিল পাকিস্তানত।
সাক্ষাৎকাৰটোত চনু নিগমে কয়, ‘২০০৪ চনৰ এপ্ৰিল মাহৰ ১০ তাৰিখে পাকিস্তানত এটা কনছাৰ্টৰ বাবে গৈছিলো। তাত মোৰ পৰিয়ালৰ লগতে কেইবাগৰাকী বন্ধুও আছিল। কনচাৰ্টত যাবলৈ বাছত উঠোতে মই হনুমান চালিছা পাঠ কৰি আছিলো। কনচাৰ্টটো সেনা চাউনী এটাৰ নিচেই কাষত আছিল। কনচাৰ্টৰ স্থান পোৱাৰ সময়ত আমাৰ কাষৰ এখন বাছত হঠাতে এক বিস্ফোৰণ হয়। আমাৰ কঁপাল ভাল আছিল বাবে একো নহ’ল। মই ভাৱো হনুমান চালিছাই মোক বচালে। সৰুৰে পৰাই মই হনুমান চালিছা পাঠ কৰি আহিছো। এতিয়াও কৰো আৰু আজীৱন কৰি যাম বুলি ভাৱিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ